প্ৰয়াগৰাজৰ চলি থকা মহাকুম্ভত আজিৰ পৰা আৰম্ভ হ’ব এক বৃহৎ স্বচ্ছতা অভিযান। এই সময়ছোৱাত মহাকুম্ভৰ চাৰিওটা জ’নত একেলগে ১৫ হাজাৰৰো অধিক কৰ্মীয়ে স্বচ্ছতা অভিযান চলাব। ইয়াৰ লগতে এই ঐতিহাসিক অভিযানক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত পঞ্জীয়ন কৰাৰ প্ৰস্তুতি চলি আছে।
ইয়াৰ পূৰ্বে মহাকুম্ভৰ সময়ত গংগা নদী পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়িবলৈ চেষ্টা কৰা হৈছিল, যেতিয়া ৩০০ৰো অধিক অনাময় কৰ্মীয়ে একেলগে গংগা নদী পৰিষ্কাৰ কৰিছিল। ইয়াৰ উপৰিও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত আৰু দুটা বিশ্ব অভিলেখ গঢ়িবলৈও পৰিকল্পনা কৰা হৈছে।
সোমবাৰে অৰ্থাৎ ২৪ মহাকুম্ভৰ সময়ত ১৫ হাজাৰৰো অধিক অনাময় কৰ্মীয়ে চাৰিটা ভিন্ন জ’নত একেলগে চাফাই অভিযান চলাব। দেওবাৰে উত্তৰ প্ৰদেশ চৰকাৰে এক বিবৃতিত কয় যে, ২৪ ফেব্ৰুৱাৰীত দুপৰীয়া ১২ বজাত প্ৰয়াগৰাজ মেলা প্ৰাধিকৰণৰ দ্বাৰা মুঠ ৪টা জ’নত একেলগে ১৫ হাজাৰৰো অধিক অনাময় কৰ্মীয়ে এক স্বচ্ছতা অভিযান চলাব। ইয়াৰ অধীনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিলেখ সৃষ্টি কৰা হ’ব আৰু ইয়াক ‘গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ত পঞ্জীয়ন কৰা হ’ব।
বিবৃতিটোত কোৱা হৈছে যে, মুখ্যমন্ত্ৰীৰ নেতৃত্বত মহাকুম্ভ ২০২৫য়ে প্ৰতিদিনে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰি আছে। এই ধৰ্মীয় সমাৱেশত উচ্চ মানদণ্ডৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে উৎসৰ্গা কৰা হৈছে যাৰ বাবে ইয়াক স্বচ্ছ মহাকুম্ভ উপাধি লাভ কৰা হৈছে।
ইয়াৰ পূৰ্বে মহাকুম্ভতেই প্ৰয়াগৰাজ মেলা প্ৰাধিকৰণে গংগা চাফাইৰ বিশ্ব অভিলেখ গঢ়ি তোলাৰ প্ৰয়াস কৰিছিল, যাৰ অধীনত ৩০০ৰো অধিক অনাময় কৰ্মীয়ে একেলগে বিভিন্ন গংগা ঘাটত নদী পৰিষ্কাৰ কৰাৰ অভিযান সফলতাৰে চলাইছিল।
সূচী অনুসৰি, সোমবাৰে দিনৰ ১২ বজাত ১৫ হাজাৰৰো অধিক অনাময় কৰ্মীৰ উপস্থিতিত এই অভিযান আৰম্ভ কৰা হ’ব। মুঠ ৪টা জ’নত একেলগে সহস্ৰাধিক অনাময় কৰ্মীয়ে আগুৱাই নিব এই স্বচ্ছতা অভিযান। জ’ন-১ৰ অন্তৰ্গত প্ৰয়াগ অঞ্চলৰ হেলিপেড পাৰ্কিং (চেক্টৰ ২), জ’ন-২ৰ অন্তৰ্গত সাল’ৰি/নাগৱাসুকি অঞ্চলৰ ভৰদ্বাজ ঘাট (চেক্টৰ ৭), জ’ন-৩ৰ অন্তৰ্গত ঝুন্সি অঞ্চলৰ অল্ড জিটি ৰোড আৰু অৰাইল এলেকাত আৰু জ’ন-৪ হৰিশ্চন্দ্ৰ ঘাট (চেক্টৰ ৫ আৰু ১৮)ত একেলগে এক বৃহৎ স্বচ্ছতা অভিযান আৰম্ভ কৰা হ’ব।