• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্বহীদ ৰঞ্জিত বৰপূজাৰীক সশ্ৰদ্ধ সোঁৱৰণ; আজিৰ দিনটোত কি ঘটিছিল কটন কলেজৰ হোষ্টেলৰ ভিতৰত?

ভাষা অন্দোলনৰ প্ৰথম শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ

Nation NE by Nation NE
July 4, 2024
in Top News, অসম
0 0
শ্বহীদ ৰঞ্জিত বৰপূজাৰীক সশ্ৰদ্ধ সোঁৱৰণ; আজিৰ দিনটোত কি ঘটিছিল কটন কলেজৰ হোষ্টেলৰ ভিতৰত?
Share on FacebookShare on TwitterWhatsApp

সেয়া আছিল ৪ জুলাই, ১৯৬০ চনৰ কথা! পুৱা প্ৰায় ৯:৩০ মান বজাত কটন কলেজৰ তেতিয়াৰ ছেকেণ্ড মেছৰ কমন ৰুমত বহি বাতৰি কাকত পঢ়াত ব্যস্ত কেইজনমান তজবজীয়া অসমীয়া ডেকা৷ ৰাজ্য-ভাষাৰ প্ৰসংগক লৈ বাতৰি কাকতৰ পৃষ্ঠাই পৃষ্ঠাই গৰম খবৰ! কমন ৰুমত বহি থকা ৰণেন গোঁহাই (শিৱসাগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ) , প্ৰভাত গগৈ, গংগাপদ চৌধুৰী (গুৱাহাটীৰ ললিতচন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ)কে আদি কৰি কেইজনমান সচেতন কটনিয়ানৰ মাজত ৰাজ্য-ভাষাৰ বিষয়টো লৈ ভিন্ন আলোচনা আৰম্ভ হ’ল, যেন এখন প্ৰতীকী সদন! মাজতে কমন ৰুমৰ দীঘল আৰামী বেন্সখনৰ এটা মূৰত বহি আপোনমনে বাতৰিকাকত পঢ়ি থকা ফুলকুমলীয়া সুঠাম দেহৰ ল’ৰাজনেও অসমীয়া ভাষাত নো কি নাই, অসমীয়াৰ নো কি নাই বুলি ক্ষোভ প্ৰকাশ কৰি আলোচনাত অংশ গ্ৰহণ কৰিলে৷ আলোচনা লাহে লাহে গভীৰ হ’ল, অৱশ্যে আলোচনাৰ মাজতে সৰু ল’ৰাটোক খং উঠোৱাৰ উদ্দেশ্যে প্ৰভাত গগৈ আৰু গংগাপদ চৌধুৰীয়ে তাৰ প্ৰতি ধেমেলীয়া অথচ আক্ৰমণাত্মক বাক্যবাণ মাৰিলে৷ জেষ্ঠসকলৰ মুখত নিজৰ ভাষাটোৰ প্ৰতি ওলোটা যুক্তি শুনি ধেমালি বুজিব নোৱাৰি ল’ৰাজনে কান্দি-কাটি “আৰু কেতিয়াও তৰ্ক নকৰো” বুলি কমন ৰুমৰ পৰা ওলাই গুচি গ’ল আৰু নিজৰ ৰুমত শুই পৰিল৷ সৰু ল’ৰাটোৱে এইদৰে ভুল বুজা দেখি তেওঁলোকৰো বেয়া লাগিল আৰু তিনিওজনে আবেলি চাহ খাবলৈ যাওঁতে পৰমা মহন্ত(ড° পৰমা মহন্ত আছিল সেই ল’ৰাজনৰ তেতিয়াৰ ৰুমমেট লগতে বৰ্তমান সময়ত তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক)ৰ ৰুমত সোমাই তাৰ লগত দুই-এটা কথা পাতি তাৰ মনটো পাতলাই আহিব বুলি মনতে থিৰাং কৰিলে৷ এনেদৰে ভাবি, অইন দুই-চাৰিটা কথা পাতি থাকোতে গংগাপদ চৌধুৰীকে আদি কৰি কমন ৰুমত বহি থকা ছাত্ৰকেইজনে দুই নম্বৰ ব্লকৰ কৰিডৰত কোনোবাই সজোৰে কিবা এটা কৈ থকা শুনি লৰালৰিকৈ বাহিৰলৈ ওলাই আহিল ৷ বাহিৰত কথা কৈ থকা মানুহজন ছাত্ৰসকলৰ বাবে আছিল এখন পৰিচিত মুখ, কাৰণ সেই মানুহজনেই অলপ দিন আগতে মেছৰ কিছু আবাসীক গান্ধী বস্তিত বঙালী মানুহৰ উপদ্ৰৱ বৃদ্ধি হোৱা বুলি তালৈ লৈ গৈছিল; অৱশ্যে হেম বৰুৱা , ৰেণুকা দেৱী বৰকটকী আদি স্বনামধন্য ব্যক্তিয়ে ছাত্ৰসকলক বাট ভেটি ধৰি তাৰ পৰা উভতাই পঠাইছিল৷ আহোতে আমবাৰীৰ এ.জি.পি অফিচৰ পিছফালে ৰে’ল লাইনৰ কাষত থকা ঘাটি কেইটা জ্বলাবলৈ পেট্ৰল আনি অলপ দূৰ আগুৱাই গৈও কাৰো সত নগ’ল, সকলো উভতি আহিছিল৷ অৱশ্যে কৰিড’ৰত সজোৰে কথা কৈ থকা ব্যক্তিজনৰ পৰিচয় কোনো এজন ছাত্ৰই ভালদৰে নাজানিছিল, মাত্ৰ এজন উগ্ৰ অসমীয়াপ্ৰেমী বুলি তেওঁলোকে ধৰি লৈছিল ৷ অৱশ্যে তেতিয়াৰ তেনে এক পৰিস্থিতিত তেওঁৰ বিষয়ে কোনেও তাতকৈ বেছি জনাৰ প্ৰয়োজনো অনুভৱ কৰা নাছিল।

ইতিমধ্যে মানুহজনৰ কথা ইজনৰ মুখৰ পৰা সিজনৰ মুখলৈ বাগৰিবলৈ ধৰিলে; এনেতে হঠাৎ ক’ৰবাৰ পৰা খবৰ আহিল যে – ডনবস্কো চাৰিআলিত হেনো কিছু বঙালী মানুহে প্ৰত্যাহ্বান জনাইছে। কাৰো ভাবি চাবৰ সময় নাই – হাতে হাতে কৰিড’ৰৰ ৰেলিঙত লগাই থোৱা কাঠৰ খুটিবোৰ লৈ সকলো আবাসী আহোম সেনানীয়ে মোগলক ভেটিবলৈ যোৱাৰ দৰেই গিজগিজাই ওলাই গ’ল৷ প্ৰাণৰ মমতা পিছত-আইৰ সন্মান আগত! এনেদৰে ওলাই যাওঁতে ডনবস্কোৰ আশেপাশে থকা গেলামাল আৰু সৰু চাহৰ দোকান কেইখনত দুই এটা আচোঁৰ পৰিল৷ আজি কিছুদিন আগলৈকে থকা এছ.পি অফিচৰ কাষত ট্ৰেড ইউনিয়নৰ এটা খেৰী ঘৰ আছিল , তাতো কোনোবাই অগ্নি সংযোগ কৰিলে, লগে লগে চাৰিওপিনে হুলস্থূল আৰম্ভ হ’ল৷ জেষ্ঠ ছাত্ৰ সকলে কনিষ্ঠ সকলক হোষ্টেলত সোমোৱাৰ নিৰ্দেশ দি ৰুমে ৰুমে সোমাল আৰু দৰ্জাৰ ফাকেৰে ঘটনাৰ আপডেট ল’বলৈ চেষ্টা কৰিলে।

বাহিৰৰ অসহ্যকৰ গণ্ডগোলত অতিষ্ঠ হৈ ককায়েকহঁতৰ নিজৰ ভাষাটো সম্পৰ্কে ধেমেলীয়া ওলোটা যুক্তি বুজিব নোৱাৰি খং কৰি ৰুমত শুই থকা ফুলকুমলীয়া সুঠাম দেহৰ সেই সৰু ল’ৰাটো গেঞ্জী-পাইজামা পৰিধান কৰিয়েই শুৱাপাটী এৰি বাহিৰলৈ ওলাই আহিল-বাহিৰত কি হৈছে জনাৰ উদ্দেশ্যে! অৱশ্যে তেতিয়াৰ জেষ্ঠ কটনিয়ান গংগাপদ চৌধুৰীৰ এটা ধমকত সি ৰুমত সোমাবলৈ বাধ্য হ’ল৷ ল’ৰাটো ৰুমলৈ উভতি গ’ল ঠিকেই , কিন্তু ৰুমত সোমাই বুকু খোলা ছাৰ্টটো ততাতৈয়াকৈ গাত গুজি সি চিধাই খোজ ল’লে – তিনি নম্বৰ ব্লকৰ পৰা দুই নম্বৰ ব্লকলৈ৷ এনেকুৱা সময়তে তদানীন্তন এছ.পি বি. পি পাব্বী চাহাবৰ নেতৃত্বত এদল বন্দুকধাৰী চিপাহী ডনবস্কোৰ কোণটোত পজিছন ল’লে৷ চিপাহীৰ দলটো হোষ্টেল আৰু অধীক্ষকৰ বাসভৱনৰ পিনে বন্দুক টোৱাঁই থিয় হৈ আছিল৷ পুলিচে চাৰিওফালে ঘেৰাও কৰা দেখি সকলোবোৰ আবাসী যেনি তেনি পলাবলৈ ধৰিলে৷ কিছু সংখ্যক আবাসী প্ৰাণৰ মমতাত মাটিত শুই পৰিল৷ দুই নম্বৰ ব্লকলৈ খোজ লোৱা সেই সৰু ল’ৰাটো বাৰাণ্ডাত উঠি (সম্ভৱত পুলিচ দেখা পাই) বাওঁফালে ঘূৰিবহে পালে – পুলিচৰ গুলীয়ে তাৰ মূণ্ড ভেদ কৰি গ’ল আৰু পূবপিনে মুখ কৰি ১১৩ নম্বৰ কোঠালীৰ সন্মুখত সি ঢলি পৰিল৷ তাৰ পিছৰ খিনি ইতিহাস…!

আমাৰ মাটিত, আমাৰ ভেটিত, আমাৰ সুৰক্ষাত নিয়োজিত, আমাৰেই পুলিচ বাহিনীয়ে নিজৰ ছাত্ৰাবাসৰ ভিতৰতে অগণতান্ত্ৰিকভাৱে গুলীয়াই হত্যা কৰা এইজনেই আছিল ১৯৪৪ চনৰ ৯ মে’ত শিৱসাগৰত জন্ম লাভ কৰা (তেতিয়াৰ কটন কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰ) ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰী।

অকল ৰঞ্জিত বৰপূজাৰীয়েই নে, অমৃত ভট্ট (বৰ্তমান তিনিচুকীয়া কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ), নেত্ৰ দাস, তিলক হাজৰিকা, দুলু হাজৰিকা, প্ৰতাপ সোণোৱাল আদিৰ দৰে জাতীয়তাবাদী অসমীয়া ডেকাকো গুলীয়াই আহত কৰা হৈছিল ৷ ঘটনাৰ কিছুসময়ৰ পিছতেই সান্ধ্য আইন ঘোষণা হোৱা সত্বেও উচ্চ ন্যায়ালয়ৰ বহু সংখ্যক অধিবক্তা আহি ছাত্ৰাবাসত উপস্থিত হৈছিল, পুলিচে ৰঞ্জিত বৰপূজাৰীৰ নিথৰ দেহটো হোষ্টেলৰ সীমাৰ বাহিৰলৈ নি তেজৰ টোপাল পেলাই বাহিৰতহে গুলীচালনা কৰা বুলি পতিয়ন নিয়াবলৈ গভীৰ ষড়যন্ত্ৰ কৰিছিল যদিও আবাসী সকলৰ তীব্ৰ প্ৰতিবাদ আৰু তেতিয়াৰ প্ৰাক্তন কটনিয়ান মেজিষ্ট্ৰেট অনিল ৰতন বৰঠাকুৰৰ (পিছলৈ বিশিষ্ট আইনবিদ) সাহসী হস্তক্ষেপত পুলিচে মৃতদেহ বাহিৰলৈ নিব নোৱাৰিলে ৷ আশ্চৰ্যজনকভাৱে গুলীচালনাৰ কেই মূহূৰ্তমানৰ ভিতৰতে পুলিচ বাহিনীটো তাৰ পৰা অন্তৰ্ধান হৈছিল।

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে দুই-এজন আবাসীয়ে কলেজৰ প্ৰিন্সিপালৰ ৰুমলৈ দৌৰ দিলে আৰু ৰুমটো খুলি তাত থকা ফোনটোৰ সহায়ত হস্পিতাললৈ ফোন কৰিলে৷ এনেতে এম.পি হেম বৰুৱা আহি কোঠাটোত প্ৰৱেশ কৰিলে আৰু অপাৰেটৰজনক মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাক ফোন লগোৱাৰ নিৰ্দেশ দিলে৷ অপাৰেটৰজনে লগে লগে শ্বিলঙৰ অফিচৰ লগত ফোন সংযোগ কৰিলে, হয়তো মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবে ফোনটো ধৰিছিল, হেম বৰুৱাদেৱে স্বকীয় নাটকীয় ভংগীমাৰে ক’লে – “মই হেম বৰুৱা এম.পিয়ে কৈছো, মোক বিমলা চলিহাক লাগে।” অলপ সময় বৰুৱাদেৱক ফোনটো ধৰি থাকিবলৈ কোৱা হ’ল আৰু তাৰ কিছুু সময় পিছত তেখেতক জনাই দিয়া হ’ল যে মুখ্যমন্ত্ৰী চলিহাদেৱৰ অসুখ ৷ তেতিয়া হেম বৰুৱাই চলিহাদেৱৰ ব্যক্তিগত সচিবক ক’লে – “কটন কলেজৰ ছাত্ৰাবাসত পুলিচে গুলীচালনা কৰিছে , এজন ছাত্ৰৰ মৃত্যু হৈছে, বহুত আহত হৈছে – চলিহাক কোৱা, এতিয়াই শ্বিলঙৰ পৰা নামি আহিব লাগে।”

এইদৰেই ইতিহাসৰ পৃষ্ঠাত খোদিত হ’ল তেতিয়াৰ চৰকাৰৰ এক কলংকিত অধ্যায়, পিছত ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃতদেহ শিৱসাগৰৰ ঘৰলৈ নি সৎকাৰ কৰা হয়।

এই হত্যাকাণ্ডৰ পিছতে মন্ত্ৰী ফকৰুদ্দিন আলী আহমেদ ছেকেণ্ড মেছলৈ আহিছিল৷ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়েও ছাত্ৰাবাস পৰিদৰ্শন কৰিছিল ৷ নেহৰুৱে জৰ্জ ফিল্ডত দিয়া ভাষণত এই প্ৰসংগত – “What justification can they give when they have fired in the Hostel” বুলি কৰা মন্তব্যই হাজাৰ হাজাৰ অসমীয়া ডেকাক সান্তনা দিছিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকলো অধিবক্তাই চৰকাৰৰ পক্ষে ওকালতি কৰাৰ পৰা বিৰত আছিল আৰু সত্য কিম্বা ন্যায়ৰ হকে বিনামূলীয়াকৈ আইন সেৱা আগবঢ়াইছিল, যাৰ ফলশ্ৰুতিত চৰকাৰে বিহাৰৰ পাটনা উচ্চ ন্যায়ালয়ৰ অধিবক্তা নিয়োগ কৰিব লগা হৈছিল৷ অৱশ্যে ৰহস্যজনকভাৱে ন্যায়িক তদন্তৰ পিছত আদালতে ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু জোঙা লো জাতীয় পদাৰ্থৰ আঘাতত হোৱা বুলিহে ৰায়দান কৰিছিল, যিয়ে আজিও ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ ফোপোলা স্বৰূপটো বাৰম্বাৰ উদঙাই দিয়ে।

অধ্যাপিকা সৰোজ দত্ত, অধ্যাপক মহেন্দ্ৰ বৰা, ড° হেৰম্বকান্ত বৰপূজাৰী আৰু ঈশ্বৰ ভূঞাৰ লগতে বহু অধ্যাপক অধ্যাপিকাই সাহসেৰে সত্যৰ পক্ষে মাত মাতি চৰকাৰৰ ৰোষত পৰিছিল৷ তেতিয়াৰ মেজিষ্ট্ৰেট অনিল ৰতন বৰঠাকুৰে পুলিচৰ বিপক্ষে সাক্ষ্য প্ৰদান কৰি চৰকাৰৰ ৰোষত পৰি চৰকাৰী চাকৰি এৰি বিলাতলৈ গৈ বাৰ এট ল’ উপাধি লৈ আহি পিছত এজন বিশিষ্ট আইনবিদ হিচাপে খ্যাতি অৰ্জন কৰে৷ পিছলৈ সমগ্ৰ অসমীয়া জাতিকে অপমানিত কৰি ভাষা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদৰ গাত গুৱাহাটীৰ বাঙালী সম্প্ৰদায়ৰ মানুহৰ ঘৰ জ্বলাবলৈ যোৱা বুলি মিছা অপবাদ জাপি দিয়া হয় ৷

এইদৰেই ৪ জুলাই আৰু ৰঞ্জিত বৰপূজাৰীৰ নাম ইতিহাসৰ পাতত ৰাঙলী আখৰেৰে খোদিত হৈছিল৷ তাৰ ফলশ্ৰুতিতে ১৯৬০ চনৰ ২৪ অক্টোবৰত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া বিধেয়ক খন গৃহীত হৈছিল। ১৯৮৫ চনত ছেকেণ্ড মেছৰ নাম সলনি কৰি শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস হিচাপে নামাকৰণ কৰা হয়।

এনেদৰেই প্ৰতিবছৰেই ৪ জুলাই আহে আৰু যায় কিন্তু প্ৰশ্ন হয়-ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীক আমি পাহৰিছো নেকি? সকলো ত্যাগ কৰাৰ পিছতো কিয় আজিও উপেক্ষিত চিৰঞ্জীৱ ৰঞ্জিত?

Tags: #Assam#AssameseLanguageMovement#RanjitBorpujari

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

March 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025