১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ গোচৰত দোষী সাব্যস্ত হোৱা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ইতিমধ্যে দিল্লী কেণ্ট গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে সজ্জন কুমাৰ।
আজি ১৯৮৪ চনৰ ১ নৱেম্বৰত দিল্লীৰ সৰস্বতী বিহাৰ অঞ্চলত যশৱন্ত সিং আৰু তেওঁৰ পুত্ৰ তৰুনদীপ সিঙৰ নৃশংস হত্যাৰ গোচৰত আদালতে তেওঁক শাস্তি প্ৰদান কৰে।
এই ঘটনাৰ সৈতে জড়িত এফ আই আৰ উত্তৰ দিল্লীৰ সৰস্বতী বিহাৰ থানাত ৰুজু হৈছিল। অভিযোগকাৰীয়ে ৰঙানাথ মিশ্ৰ আয়োগৰ সন্মুখত দিয়া শপতনামাৰ ভিত্তিত এই এফ আই আৰ ৰুজু কৰিছিল।
ঘটনা সন্দৰ্ভত প্ৰাক্তন সাংসদগৰাকীক ১২ ফেব্ৰুৱাৰীত আদালতে দোষী সাব্যস্ত কৰে।
উল্লেখ্য যে, দিল্লী আৰক্ষী আৰু ভুক্তভোগীয়ে এই গোচৰটোক বিৰল বুলি আখ্যা দি সজ্জন কুমাৰক মৃত্যুদণ্ড প্ৰদানৰ দাবী উত্থাপন কৰিছিল। অৱশ্যে আদালতে মৃত্যুদণ্ডৰ দাবীক অগ্ৰাহ্য কৰি তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
ইফালে ৰায়দানৰ ঠিক পূৰ্বে সজ্জন কুমাৰে শাস্তিৰ ক্ষেত্ৰত নম্ৰতাৰ বাবে আবেদন জনাইছিল। তেওঁ নিজৰ যুক্তিত কৈছিল যে এই গোচৰত মোক মৃত্যুদণ্ড দিয়াৰ কোনো ভিত্তি নাই।
সজ্জন কুমাৰে কয়, ‘মোৰ বয়স ৮০ বছৰ। বয়স হোৱাৰ বাবে বহু বেমাৰত ভুগিছো। ২০১৮ চনৰ পৰা জে’লত আছো। তাৰ পিছৰ পৰা মই পেৰ’লো পোৱা নাই।’
সজ্জন কুমাৰে কয় যে মই তিনিবাৰ সাংসদ হৈছো। সমাজ কল্যাণৰ বহু প্ৰকল্পৰ অংশ আছিলো। মই এতিয়াও নিজকে নিৰ্দোষী বুলি গণ্য কৰো। এই ক্ষেত্ৰত মানৱীয় দিশৰ প্ৰতি লক্ষ্য ৰাখি আদালতে তেওঁক নূন্যতম শাস্তি প্ৰদান কৰিব লাগে।