আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ এবাৰ কঠোৰ সকীয়নি প্ৰদান কৰিছে হামাছক। ইজৰাইলৰ কেইবাজনো লোকক বন্দী কৰি ৰখা হামাছক শেষ সকীয়নি প্ৰদান কৰিছে ট্ৰাম্পে।
হামাছে গাজাত বন্দী কৰি ৰখা ইজৰাইলৰ নাগৰিকসকলক অতি শীঘ্ৰে মুকলি কৰি দিয়ক, নহ’লে তেওঁলোকৰ মৃত্যু নিশ্চিত বুলি কঠোৰ নিৰ্দেশ প্ৰদান কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
ছ’চিয়েল মিডিয়াযোগে কৰা এটা প’ষ্টত ট্ৰাম্পে কয়, ‘শালোম হামাছ, ইয়াৰ অৰ্থ নমস্কাৰ আৰু বিদায়- আপোনালোকে শুনিব পাৰে। সকলো বন্দীকে এৰি দিয়ক, পিছত নহয়, আৰু যিসকল লোকক আপোনালোকে হত্যা কৰিছে তেওঁলোকৰ মৃতদেহসমূহো ওভতাই দিয়ক, অন্যথা আপোনালোকৰ সকলো শেষ হৈ যাব। কেৱল বেমাৰী আৰু বিকৃত লোকসকলেহে মৃতদেহ সমূহ ৰাখি থৈ দিয়ে, আৰু আপোনালোক বেমাৰী আৰু বিকৃত। মই কোৱাৰ দৰে যদি আপোনালোকে নকৰে তেন্তে হামাছৰ এজনো সদস্য সুৰক্ষিত নাথাকিব।’
ইয়াৰ উপৰি পণবন্দীসকলক এতিয়াই মুকলি কৰি দিয়ক, নহ’লে বহুত মূল্য ভৰিব লাগিব বুলিও মন্তব্য কৰে ড’নাল্ড ট্ৰাম্পে।
উল্লেখ্য যে, এই পোষ্টটো কৰাৰ কেইঘণ্টামান পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে হামাছে পণবন্দী কৰি ৰখা ইজৰাইলৰ নাগৰিকসকলক সাক্ষাৎ কৰিছিল। হোৱাইট হাউছেও এই বৈঠকৰ ছবি প্ৰকাশ কৰিছে, য’ত ট্ৰাম্পে ইজৰাইলৰ নাগৰিকৰ দুখ-কষ্ট শুনি থকা দেখা গৈছে।
অৱশ্যে হামাছলৈ ট্ৰাম্পৰ এই ভাবুকি এনে সময়ত আহিছে য’ত হামাছ আৰু ইজৰাইলৰ মাজত দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতি সন্দৰ্ভত সহমতত উপনীত হ’ব পৰা নাই।