আমেৰিকা আৰু চীনৰ মাজত বৃদ্ধি পোৱা ৰাজনৈতিক অস্থিৰতা আৰু উত্তেজনাৰ মাজতে ডাঙৰ হুংকাৰ প্ৰদান কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পীট হেগছেথে। চীনৰ সৈতে যুদ্ধ কৰাৰ বাবে আমেৰিকা সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে বুলি মন্তব্য কৰিছে প্ৰতিৰক্ষা সচিবগৰাকীয়ে।
উল্লেখ্য যে, বেইজিঙে আমেৰিকাক সকীয়নি প্ৰদান কৰি কয় যে সেয়া শুল্ক যুদ্ধই হওক বা আন যিকোনো যুদ্ধই হওক, আমি যিকোনো যুদ্ধ যুঁজিবলৈ সাজু। ইয়াৰ প্ৰত্যুত্তৰত হেগছেথে কয়, ‘আমি সাজু। যিসকলে শান্তি বিচাৰে তেওঁলোকে যুদ্ধৰ বাবে সাজু থাকিব লাগে।‘
হেগছেথে কয় যে সেইবাবেই আমি আমাৰ সেনাবাহিনীক পুনৰ নিৰ্মাণ কৰিছো। চীনা বা আনৰ সৈতে যুদ্ধ ৰোধ কৰিব বিচাৰিলে আমি শক্তিশালী হ’ব লাগিব, আৰু ৰাষ্ট্ৰপতিয়ে বুজি পায় যে শক্তিৰ জৰিয়তে শান্তি আহে।
আমেৰিকাৰ প্ৰতিৰক্ষা সচিবে চীনৰ সেনাবাহিনীৰ সম্প্ৰসাৰণৰ ওপৰতো আলোকপাত কৰি কয় যে বেইজিঙে প্ৰতিৰক্ষা ব্যয় দ্ৰুতগতিত বৃদ্ধি কৰি প্ৰযুক্তি আধুনিকীকৰণ কৰিছে। তেওঁলোকে (চীনে) আমেৰিকাৰ ঠাই ল’ব বিচাৰি আছে বুলিও তেওঁ উল্লেখ কৰে।