প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। এই দিৱসত মহিলাসকলৰ অধিকাৰ সম্পৰ্কে আলোচনা কৰা হয়।
মহিলাসকলেও নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। কিয়নো মহিলাসকলে ভাবে যে মৃদু স্বাস্থ্যজনিত লক্ষণবোৰ স্বাভাৱিক। পিছে এই অৱহেলাই ভৱিষ্যতে গুৰুতৰ ৰূপ ল’ব পাৰে। এনে পৰিস্থিতিত মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা অতি গুৰুত্বপূৰ্ণ।
বিশেষজ্ঞসকলে কয় যে, বেছিভাগ মহিলাই নিজৰ ক্লান্তি, মানসিক চাপ, শৰীৰৰ সৰু সৰু সমস্যাবোৰক আওকাণ কৰে, যাৰ বাবে তেওঁলোক বিভিন্ন ৰোগৰ বলি হ’ব পাৰে।
দিল্লীৰ শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউটৰ নিয়াৰ কনচালটেণ্ট গাইনেক’লজিষ্ট ডাঃ মীনাক্ষী বংশালে কয় যে, বৰ্তমান সময়ত দেখা গৈছে যে কণমানি ছোৱালী আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতা (তেজৰ অভাৱ)ৰ সমস্যা অতি সাধাৰণ। ইয়াৰ আঁৰৰ মূল কাৰণ হ’ল আইৰণ আৰু ফলিক এচিডৰ অভাৱ, যাৰ ফলত মহিলাৰ দুৰ্বলতা, মূৰ ঘূৰোৱা আৰু ভাগৰুৱা আদি বিভিন্ন সমস্যাই দেখা দিয়ে। মহিলাসকলৰ মাজতো কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে, এয়া এক চিন্তাৰ বিষয়।
বিগত কেইবছৰমানৰ পৰা মহিলাৰ ক্ষেত্ৰত পিচিঅ’ডি, থাইৰয়ডৰ দৰে ৰোগ বৃদ্ধি পাইছে। ইয়াৰ ফলত কেৱল শৰীৰেই নহয়, মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰে। যাৰ ফলত হতাশা আৰু খিংখিঙীয়া হোৱা আদিৰ দৰে সমস্যা বাঢ়িব পাৰে।
উদ্বেগ, হতাশা আৰু মানসিক চাপৰ দৰে মানসিক স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰও মহিলাৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাইছে। মহিলাৰ মাজত হাৰ্ট এটেক আৰু উচ্চ ৰক্তচাপৰ অভিযোগ বৃদ্ধি পাইছে। অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ অভাৱৰ বাবে এনে হৈছে।
ডাঃ সুনীতা শৰ্মাই কয় যে, মহিলাসকলে সুষম খাদ্য গ্ৰহণ আৰু সেউজীয়া শাক-পাচলি খোৱাটো গুৰুত্বপূৰ্ণ। খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰাৰ উপৰি প্ৰচুৰ পৰিমাণে পানী সেৱন কৰা উচিত। ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। বাহিৰত ভজা খাদ্য পৰিহাৰ কৰিব লাগে। কিয়নো ইয়াৰ ফলত মেদবহুলতা বৃদ্ধি পাব পাৰে। দৈনিক ৩০ মিনিট ব্যায়াম কৰিব লাগে। মানসিক স্বাস্থ্যক গুৰুত্বসহকাৰে লোৱাৰ লগতে আৰু প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।