ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত বিগত বৰ্ষত শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পিছতেই বাংলাদেশৰ চৰকাৰী বাঘজৰী বৰ্তমান মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ হাতত। অৱশ্যে বাংলাদেশত বৰ্তমানেও মাজে মাজে হিংসা সংঘটিত হয়।
এই সকলোবোৰৰ মাজতে ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কত যথেষ্ট অৱনতি হোৱা দেখা গৈছে। ভাৰত-বাংলাদেশৰ সম্পৰ্কক লৈ এটা ডাঙৰ কথা ক’লে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কৈছে যে, ভাৰতে সদায় চুবুৰীয়া দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব বিচাৰে।
দৰাচলতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, ভাৰতে চুবুৰীয়া সকলো দেশৰ সৈতে সু-সম্পৰ্ক বিচাৰে। তেওঁ লগতে কয় যে ভাৰতে নিজৰ ফালৰ পৰা চুবুৰীয়া দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছে।
বাংলাদেশৰ সৈতে জড়িত প্রশ্নৰ সন্দর্ভত তেওঁ কয় যে বাংলাদেশ ভাৰতৰ চুবুৰীয়া দেশ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথা উল্লেখ কৰি তেওঁ কয় যে, তেওঁ সদায় কৈছিল যে সকলো সলনি কৰিব পাৰি, কিন্তু চুবুৰীয়াক নহয়। সেইবাবেই ভাৰতে বাংলাদেশকে ধৰি চুবুৰীয়া সকলো দেশৰ সৈতে সদায় সুসম্পৰ্ক বজাই ৰাখিব বিচাৰে।
উল্লেখযোগ্য যে বাংলাদেশ চৰকাৰৰ নেতৃত্বত আছে মুখ্য উপদেষ্টা মহম্মদ ইউনুছ। শ্বেখ হাছিনা চৰকাৰ পতনৰ পিছৰে পৰা ভাৰতৰ সৈতে বাংলাদেশৰ হিংসাত্মক কাণ্ড বৃদ্ধি হৈছে। ইয়াৰ বাবে উদ্বিগ্ন হৈ ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে সীমান্তত বেৰ দিয়া আৰম্ভ কৰিছে। ভাৰতৰ এই কাৰ্যত যথেষ্ট বিচলিত হোৱা যেন লাগে। অৱশ্যে দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে বৈঠকো অনুষ্ঠিত কৰা হৈছে।