বৰ্তমান সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে চুলি সৰা সমস্যাত ভোগে। খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ দুৰ্বলতাৰ বাবে কম বয়সীয়া লোকৰ ক্ষেত্ৰতো এই সমস্যা হ’বলৈ আৰম্ভ কৰিছে।
আচলতে চুলিৰ নিজস্ব চক্ৰ থাকে। প্ৰতিদিনে ২ ৰ পৰা ৪ ডালকৈ চুলি সৰাটো সাধাৰণ কথা। কিন্তু যদি ১০০ ডালতকৈও অধিক চুলি সৰে, তেন্তে সঁচাকৈয়ে ই চিন্তাৰ কাৰণ।
ছালৰ বিশেষজ্ঞ ডাঃ বিজয় সিংহাৰে কয় যে, সৰহসংখ্যক লোকেই বিশ্বাস কৰে যে বায়’টিন বা ভিটামিন বি ১২ ৰ অভাৱতহে চুলি সৰা হয়। কিন্তু হাড় আৰু দাঁতৰ বাবে অপৰিহাৰ্য কেলচিয়ামৰ অভাৱত চুলি সৰাও হ’ব পাৰে। এনে পৰিস্থিতিত শৰীৰত কেলচিয়ামৰ মাত্ৰা বৰ্তাই ৰখা উচিত।
- চুলি আৰু কেলচিয়ামৰ মাজৰ সংযোগ
বিশেষজ্ঞসকলে কয় যে, কেলচিয়ামে আমাৰ চুলিৰ কোষক পুষ্টি প্ৰদান কৰে। শৰীৰত ইয়াৰ অভাৱৰ বাবে চুলিৰ গুৰি দুৰ্বল হৈ পৰে। বিশেষজ্ঞসকলে কয় যে, কেলচিয়ামে শৰীৰত ক’লাজেন উৎপন্ন কৰে। ক’লাজেনৰ অভাৱত মূৰৰ ছালৰ শুকান হৈ পৰে।
- চুলিৰ গুৰিৰ বাবে অপৰিহাৰ্য
চুলিৰ বৃদ্ধিত প্ৰভাৱ পেলোৱা অন্যতম পুষ্টিকৰ উপাদান কেলচিয়াম। শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে চুলিৰ গুৰিবোৰ প্ৰভাৱিত হয়। ইয়াৰ বাবে চুলিৰ বৃদ্ধি লেহেমীয়া হয় আৰু চুলি সৰিবলৈ আৰম্ভ কৰে।
- কেলচিয়াম সমৃদ্ধ খাদ্যগ্ৰহণ
বিশেষজ্ঞসকলে কয় যে, প্ৰাপ্তবয়স্ক লোকক দৈনিক ৭০০ মিলিগ্ৰাম কেলচিয়ামৰ প্ৰয়োজন হয়। কিন্তু যদি শৰীৰত ইয়াৰ অভাৱ হয়, তেন্তে স্বাস্থ্য বিশেষজ্ঞই ইয়াৰ পৰিপূৰক দিব পাৰে।
কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ কি খাব লাগে জানো আহক-
- দুগ্ধজাত সামগ্ৰী- শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ দুগ্ধজাত সামগ্ৰী যেনে গাখীৰ, দৈ, পনীৰ আৰু মাখন খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।
- সেউজীয়া শাক- সেউজীয়া পাতযুক্ত শাক-পাচলিত কেলচিয়াম সৰ্বাধিক পৰিমাণে পোৱা যায়। খাদ্য তালিকাত কচু, মেথি আৰু বাথুৱা আদি সেউজীয়া শাক-পাচলি নিশ্চয়কৈ খাব লাগে। ইয়াৰ ফলত কেলচিয়ামৰো অভাৱ নহয়।