আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপত লোৱাৰ পিছৰে পৰা এটাৰ পিছত আন এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি আছে ড’নাল্ড ট্ৰাম্পে। শেহতীয়াকৈ ট্ৰাম্প চৰকাৰে আমেৰিকাত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে কেইবাখনে দেশৰ নাগৰিকৰ ওপৰত। প্ৰাপ্ত খবৰ অনুসৰি ৪১খন দেশৰ নাগৰিকৰ ওপৰত আৰোপ কৰিছে নিষেধাজ্ঞা।
এটা সংবাদ সংস্থাত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰা ৪১খন দেশক তিনিটা বেলেগ বেলেগ গ্ৰুপত ভাগ কৰা হৈছে। ১০ খন দেশৰ প্ৰথম গ্ৰুপত আফগানিস্তান, ইৰাণ, ছিৰিয়া, কিউবা আৰু উত্তৰ কোৰিয়াৰ দৰে দেশ অন্তৰ্ভুক্ত আছে। এই দেশকেইখনৰ ভিজা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব।
দ্বিতীয়টো গ্ৰুপত থখা ইৰিত্ৰিয়া, হেইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ চুডানকে ধৰি পাঁচখন দেশ আংশিকভাৱে নিলম্বনৰ সন্মুখীন হ’ব, যাৰ ফলত পৰ্যটক আৰু ছাত্ৰ ভিছাৰ লগতে অন্যান্য অনুপ্ৰৱেশকাৰী ভিছাতো প্ৰভাৱ পৰিব।
আনহাতে তৃতীয় গ্ৰুপত পাকিস্তান, ভূটান, ম্যানমাৰকে ধৰি মুঠ ২৬খন দেশলৈ আমেৰিকাৰ ভিছা প্ৰদানৰ আংশিক নিষেধাজ্ঞাৰ কথা বিবেচনা কৰা হ’ব যদিহে তেওঁলোকৰ চৰকাৰে ৬০ দিনৰ ভিতৰত অভাৱ দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ নকৰে। নিউয়ৰ্ক টাইমছে প্ৰথমে এই কথা প্ৰকাশ কৰিছিল।