বিগত কেইমাহমানৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক শোচনীয় পৰ্যায়ৰ মাজেৰে পাৰ হৈ আহিছে। ইয়াৰ সৰ্বাধিক সুবিধা লৈছে চুবুৰীয়া দেশ পাকিস্তানে। দুয়োখন দেশৰ সামৰিক বিষয়াৰ সঘনাই হোৱা বৈঠক ইয়াৰেই প্ৰমাণ।
অৱশ্যে এই সময়ছোৱাত পাকিস্তানত ‘লাল টোপী’ নামেৰে বিখ্যাত উগ্ৰ ইছলামিক ৰাজনৈতিক মন্তব্যকাৰী জাইদ হামিদে এক ডাঙৰ ঘোষণা কৰিছে। বাংলাদেশক তেওঁ ডাঙৰ অফাৰ দিছে। ১৯৭১ চনৰ বিভাজনৰ পূর্বৰ স্থিতিলৈ উভতি গৈ বাংলাদেশক পুনৰ পুনৰ পাকিস্তানত যোগদান কৰিবলৈ আমন্ত্রণ জনাইছে৷
ৰাজনৈতিক মন্তব্যকাৰী জাইদ হামিদে কয় যে, তেওঁলোকে বাংলাদেশক পুনৰ পাকিস্তানৰ সৈতে সংযোজিত হ’বলৈ আমন্ত্ৰণ জনাইছে। তেওঁলোকৰ হৃদয়ত বাংলাদেশৰ প্ৰতি আৰু কোনো ঘৃণা নাই, কাৰণ তেওঁলোকে বুজি উঠিছে যে সেই ভুলবোৰ বাংলাদেশৰ পূৰ্বৰ প্ৰজন্মইহে কৰিছিল।তেওঁ লগতে কয় যে, বাংলাদেশে পাকিস্তানৰ সৈতে পুনৰ একত্ৰিত হৈ ১৯৭১ চনৰ পূৰ্বৰ পৰিস্থিতিলৈ ঘূৰি আহি পুনৰ এবাৰ একেলগে কাম কৰিব লাগে।
জাইদ হামিদৰ সম্পূৰ্ণ নাম চৈয়দ জাইদ জামান হামিদ। তেওঁ এজন উগ্ৰ ইছলামিক ৰাজনৈতিক মন্তব্যকাৰী আৰু অপপ্ৰচাৰ বিশেষজ্ঞ। বিশ্বৰ প্ৰভাৱশালী মুছলমানৰ তালিকা ‘মুছলিম ৫০০’ তো তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে।
জাইদ হামিদৰ জন্ম হৈছিল এজন পাকিস্তানী সামৰিক বিষয়াৰ পৰিয়ালত। মাতৃ আছিল কাশ্মীৰী মূলৰ। কাশ্মীৰত ইছলামিক জেহাদ আৰু সন্ত্ৰাসবাদী কাৰ্যক মুকলিকৈ সমৰ্থন কৰে। জাইদ হামিদে ছোভিয়েট–আফগান
যুদ্ধত অংশগ্ৰহণ কৰা বুলি দাবী কৰে, যদিও ইয়াৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নাযায়। তেওঁ পাকিস্তানৰ ৰাজনীতিত সামৰিক হস্তক্ষেপক সমৰ্থন কৰে আৰু পাকিস্তানত শ্বৰীয়ত আইন ৰূপায়ণৰ পোষকতা কৰে।
বাংলাদেশ আৰু পাকিস্তানৰ সম্পৰ্ক উন্নত হোৱাৰ সময়তে জাইদ হামিদৰ এই বক্তব্য প্ৰকাশ কৰিছে। শেহতীয়াকৈ মহম্মদ ইউনুছৰ চৰকাৰৰ দিনত দুয়োখন দেশৰ মাজত ৰাজনৈতিক উষ্ণতা বৃদ্ধি পাইছে। পিছে জাইদ হামিদৰ এনে বক্তব্যৰ ক্ষেত্ৰত বাংলাদেশৰ স্থিতি কি হ’ব, সেয়া হ’ব লক্ষ্যণীয়।