উচ্চ ৰক্তচাপৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। ইয়াৰ লক্ষণ দেহত পলমকৈ ধৰা পৰে। এই কাৰণেই এই ৰোগক নিৰৱ হত্যাকাৰী বুলি কোৱা হয়।
উচ্চ ৰক্তচাপে হৃদযন্ত্ৰ আৰু মগজুতো প্ৰভাৱ পেলায়, কিন্তু এই ৰোগে যকৃতৰো ক্ষতি কৰিব পাৰে। আনকি উচ্চ ৰক্তচাপৰ ফলত লিভাৰ ফাইব্ৰ’ছিছও হ’ব পাৰে। যেতিয়া লিভাৰ ফাইব্ৰ’ছিছ হয়, তেতিয়া যকৃতৰ ক্ষতি হয় আৰু ঘাঁ হ’বলৈ আৰম্ভ কৰে।
ই যকৃতৰ কাম-কাজত ব্যাঘাত জন্মাব পাৰে। যদি ইয়াৰ চিকিৎসা সময়মতে নহয়, তেন্তে ইয়াৰ ফলত লিভাৰ চিৰ’ছিছ হ’ব পাৰে। ঠিক যেনেকৈ হেপাটাইটিছ বা মদ্যপানে যকৃতৰ ৰোগৰ সৃষ্টি কৰে, উচ্চ ৰক্তচাপেও যকৃতৰ ক্ষতি কৰিব পাৰে।
মেডিচিনৰ বিশেষজ্ঞ ডাঃ অজয় কুমাৰে বুজাইছে যে, উচ্চ ৰক্তচাপ বৃদ্ধি হ’লে যকৃতত তেজ সঠিকভাৱে প্ৰবাহিত হ’ব নোৱাৰে। যদি এই অৱস্থা দীৰ্ঘদিন ধৰি থাকে, তেন্তে ই ষ্টেলেট কোষ (ফাইব্ৰ’ছিছৰ মূল চালক) সক্ৰিয় কৰে।
যেতিয়া এনে কোষ সক্ৰিয় হয়, তেতিয়া ইহঁতে অতিৰিক্তভাৱে ক’লাজেন আৰু অন্যান্য মেট্ৰিচ উৎপাদন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত যকৃতৰ ক্ষতি হয়। যদি আপোনাৰA উচ্চ ৰক্তচাপ আছে আৰু হজম শক্তিৰ লগত জড়িত সমস্যাত পৰিছে, তেন্তে এইটো যকৃতৰ ক্ষতিৰ লক্ষণ। এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
ডাঃ কুমাৰে কয় যে উচ্চ ৰক্তচাপে থকা ৰোগীয়ে প্ৰতিদিনে বি পি পৰীক্ষা কৰিব লাগে। যদি বৃদ্ধি হৈ আহে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ খাব লাগে। বি পি ৰোগক কেতিয়াও সহজভাৱে ল’ব নালাগে। যদি ই যকৃতৰ ক্ষতি কৰে, তেন্তে ই বিপদজনক আৰু আনকি যকৃতৰ সম্পূৰ্ণ ক্ষতিও কৰিব পাৰে।
ইয়াৰ লক্ষণসমূহ-
- ক্লান্তি, দুৰ্বলতা
- পেটৰ অস্বস্তি
- পেটৰ ওপৰৰ সোঁ অংশত পূৰ্ণতা অনুভৱ কৰা
- শৰীৰাংশ ফুলি উঠা
- জণ্ডিচ
- শৰীৰৰ ওজন কমি যোৱা
- পেট সঠিকভাৱে পৰিষ্কাৰ নোহোৱা