ছালৰ যত্নৰ বাবে এলোভেৰা জেল অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। এলোভেৰা জেল প্ৰয়োগ কৰিলে ছালৰ লগত জড়িত বহুতো সমস্যা দূৰ কৰাত সহায় হয়।
এলোভেৰা ব্যৱহাৰ কৰিলে ৰ’দত পোৰা আৰু ব্ৰণৰ পৰা মুক্তি পোৱাত সহায় হয়। ৰাতি শোৱাৰ পূৰ্বে মুখত এলোভেৰা জেল লগালে ইয়াৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পায়। ৰাতি এলোভেৰা পানী প্ৰয়োগ কৰাৰ সঠিক উপায় আৰু কোনবোৰ বস্তুৰ লগত এলোভেৰা জেল মিহলাই প্ৰয়োগ কৰিব লাগে জানো আহক-
- এলোভেৰা প্ৰয়োগ কৰাৰ সুবিধা
এলোভেৰা জেলত এন্টিবেক্টেৰিয়েল, এন্টিচেপ্টিক, এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায় যিয়ে ছালৰ সমস্যা হ্ৰাস কৰে। এলোভেৰা জেল প্ৰয়োগ কৰিলে মুখৰ দাগো কমি যায়। ৰাতি শোৱাৰ পূৰ্বে এলোভেৰা জেল লগালে ছালখন উজ্বল আৰু সতেজ হয়।
- তেলীয়া ছাল
তেলীয়া ছালৰ লোকসকলে গ্ৰীষ্মকালত বহু সমস্যাৰ সন্মুখীন হয়। তেলীয়া ছালৰ লোকসকল প্ৰায়ে পিম্পলৰ বাবে অশান্তি পায়। পিম্পল আৰু ইয়াৰ দাগ আঁতৰাবলৈ এলোভেৰা জেলৰ সৈতে গোলাপৰ পানী ব্যৱহাৰ কৰিব পাৰে। তেলীয়া ছালৰ বাবে গোলাপ পানী আৰু এলোভেৰা জেল উপকাৰী হ’ব পাৰে।
- সতেজতা
এলোভেৰা জেল আৰু গোলাপৰ পানীৰ মিশ্ৰণ প্ৰয়োগ কৰিলে মুখত সতেজতা দেখা যায়। ৰাতি শোৱাৰ পূৰ্বে এলোভেৰা জেল আৰু গোলাপৰ পানী প্ৰয়োগ কৰিলে ছালত প্ৰাকৃতিক পুষ্টি আৰু হাইড্ৰেচন পোৱা যায়। এলোভেৰা জেলেও ছালৰ ছিদ্ৰবোৰ বন্ধ হ’বলৈ নিদিয়ে, যাৰ ফলত পিম্পলৰ সম্ভাৱনা কম হয়।
কেনেকৈ ব্যৱহাৰ কৰিব লাগে-
এলোভেৰা জেল লৈ তাত গোলাপ পানী দি মিহি পেষ্ট বনাই লব লাগে। ইয়াৰ পিছত এই পেষ্টটো মুখত লগাব লাগে। ৰাতিটো মুখত থৈ দিব লাগে। পিছদিনা ৰাতিপুৱা শুই উঠি মুখখন ধুই দিব লাগে। কেইদিনমানৰ পিছত ইয়াৰ প্ৰভাৱ দেখা পোৱা যায়।