ডুবাইত বাস কৰা ৬৯ বছৰীয়া প্ৰবাসী ভাৰতীয় বিদ্যাধৰণ ইৰুথিনাদে বিগত ৩২ বছৰ ধৰি ৰমজানৰ দিনত সম্পূৰ্ণ ১৮ ঘণ্টা ধৰি ৰোজা ৰাখে। আমোদজনক কথাটো হ’ল তেওঁ মুছলমান নহয়, হিন্দুহে। কিন্তু তেওঁৰ বাবে উপবাস কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, বৰঞ্চ একতা আৰু সমন্বয়ৰ প্ৰতীক।
মূলতঃ কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ বাসিন্দা বিদ্যাধৰণে ১৯৮২ চনত ডুবাইলৈ গৈছিল। প্ৰথম দিনত তেওঁ বহু সৰু সৰু কাম কৰিছিল আৰু পিছলৈ ড্ৰাইভাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ১৯৯২ চনত প্ৰথমবাৰৰ বাবে ৰমজানৰ গোটেই ৩০ টা দিন ৰোজা ৰাখিছিল আৰু তেতিয়াৰ পৰাই এই প্ৰথা অব্যাহত আছে।
তেওঁৰ ৰোজা আনতকৈ অলপ বেলেগ কাৰণ তেওঁ চেহৰী নকৰে। অৰ্থাৎ তেওঁ একো খোৱা-বোৱা নকৰাকৈয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে উপবাসে থাকে। কেৱল খেজুৰ, ফল-মূল আৰু নিৰামিষ খাদ্যৰে তেওঁ ৰোজা ভংগ কৰে। ৰোজা ভংগ কৰাৰ পিছত নিশা ১০ বজাত লঘু আহাৰ গ্ৰহণ কৰে।
তেওঁ ৰোজাৰ লগতো এই কাম কৰে বিদ্যাধৰণে কেৱল ৰোজা পালন কৰাই নহয় ৰমজানৰ সময়ত সামাজিক কামতো অংশ লয়। গ্ল’বেল মাইগ্ৰেণ্ট ইউনিয়ন আৰু অন্যান্য ভাৰতীয় সংগঠনৰ জৰিয়তে ইফতাৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
তেওঁৰ এই পদক্ষেপে দেখুৱাইছে যে ধৰ্মীয় আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজতো ঐক্য আৰু ভাতৃত্ববোধৰ মনোভাৱে কেনেকৈ মানুহক একত্ৰিত কৰিব পাৰে। বিদ্যাধৰণৰ কাহিনীয়ে এই বাৰ্তা দিয়ে যে, সমাজত ইজনে সিজনৰ পৰম্পৰা আৰু আৱেগক সন্মান কৰাটো কিমান গুৰুত্বপূৰ্ণ।