বৰ্তমান সময়ত হৃদৰোগ অতি সাধাৰণ হৈ পৰিছে। বিশেষকৈ হৃদযন্ত্ৰ বন্ধ হোৱাৰ সমস্যাও বহু পৰিমাণে বাঢ়িছে। যদি হৃদযন্ত্ৰৰ ধমনী বন্ধ হৈ যায় তেন্তে তেজে সঠিকভাৱে পৰিবাহিত হ’ব নোৱাৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
যদি কাৰোবাৰ হৃদযন্ত্ৰত ব্লক হয়, তেন্তে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল তেওঁলোকক ষ্টেণ্ট লগাই দিব নে বাইপাছ অস্ত্ৰোপচাৰ কৰিব? এই পৰিস্থিতিত কি কৰিব লাগে তাক লৈ বহুতে বিভ্ৰান্তত পৰিছে। এই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানো আহক-
দিল্লীৰ ৰাজীৱ গান্ধী হাস্পতালৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে বুজাই দিয়ে যে, ষ্টেণ্ট হৈছে এটা সৰু জালৰ নলী, যি বন্ধ হৈ থকা ধমনীত সুমুৱাই দিয়া হয়, যাতে তেজৰ সোঁত স্বাভাৱিক হৈ থাকে। এই পদ্ধতিটো গ্ৰহণ কৰা হয় যেতিয়া ব্লকটো বৰ গুৰুতৰ নহয় আৰু ধমনীবোৰত মাত্ৰ ১-২ ঠাইত ব্লক হয়। ষ্টেণ্ট সোমোৱাৰ পিছত ৰোগী সোনকালে সুস্থ হৈ উঠে আৰু বেছি দিন চিকিৎসালয়ত থকাৰ প্ৰয়োজন নাথাকে।
কিন্তু এটা সমস্যা হ’ল কিছুমান ক্ষেত্ৰত পুনৰ ব্লক হোৱাৰ সম্ভৱনা থাকে। অৱশ্যে ৰোগীৰ অৱস্থাৰ ওপৰতো নিৰ্ভৰ কৰে তেওঁ ষ্টেণ্ট লগাব পাৰে নে নোৱাৰে। ষ্টেণ্ট সোমোৱাৰ আগতে বহু ধৰণৰ পৰীক্ষাও কৰা হয়।
কিন্তু যদি ব্লক গুৰুতৰ হয় লগতে ৰোগীৰ ডায়েবেটিছ হৈছে বা ইতিমধ্যে হাৰ্ট এটেক হৈছে, তেন্তে তেওঁৰ বাবে বাইপাছ অস্ত্ৰোপচাৰেই সঠিক। ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কোনো সিদ্ধান্ত লোৱা উচিত নহয়। এনে ক্ষেত্ৰত চিকিৎসকে কোৱা মতে চিকিৎসা গ্ৰহণ কৰিব লাগে। যদি ডাক্তৰে বাইপাছ বিচাৰে, তেন্তে সেইটোৱেই কৰিব লাগে।
ইয়াৰ উপৰিও ডাঃ জৈনে কয় যে হৃদযন্ত্ৰত ব্লক হোৱাৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ আমি আমাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়াটো অতি প্ৰয়োজনীয়।
সঠিক সময়ত সাৱধানতা অৱলম্বন কৰিলে হৃদযন্ত্ৰক দীৰ্ঘদিনলৈ সুস্থ কৰি ৰাখিব পাৰি। ইয়াৰ বাবে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন আছে।
লগতে খাদ্যত তেল আৰু মছলা কমাই সেউজীয়া শাক-পাচলি আৰু ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগে।
অতিৰিক্ত নিমখ আৰু চেনি পৰিহাৰ কৰিব লাগে কাৰণ ইয়াৰ ফলত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।
ইয়াৰ উপৰিও ব্যায়াম, মানসিক চাপমুক্ত জীৱনশৈলী আৰু যোগাসন প্ৰাণায়াম কৰিব লাগে।