ইৰাণক লৈ বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা । ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হুংকাৰ দিছিল যে যদি ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত শীঘ্ৰে চুক্তিত উপনীত নহয়, তেন্তে ইৰাণে বোমা বিস্ফোৰণ আৰু কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব। এতিয়া এই বিষয়ত আৰু এটা ডাঙৰ বিবৃতি আহিছে ফ্ৰান্সৰ ফালৰ পৰা।
ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন নোৱেল বেৰটে সকীয়াই দিছে যে, যদিহে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত নতুন চুক্তিত উপনীত নহ,য় তেন্তে পৰিস্থিতি ইমানেই অৱনতি ঘটিব পাৰে যে সামৰিক সংঘৰ্ষ প্ৰায় নিশ্চিত বুলি ধৰিব পাৰি। তেওঁ কয় যে কূটনীতিৰ বাবে সময় অতি কম আৰু যদি সোনকালে সমাধান নহয়, তেন্তে সংঘাত নিশ্চিত।
ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ পশ্চিমীয়া দেশসমূহৰ উদ্বেগ বৃদ্ধি পাইছে। ২০১৫ চনৰ যৌথ বিস্তৃত কাৰ্য্য পৰিকল্পনা (জেচিপিঅ’এ) চুক্তিৰ অধীনত ইৰাণৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা শিথিল কৰা হৈছিল, যদিহে ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী সীমিত কৰি ৰাখে। কিন্তু ২০১৮ চনত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই চুক্তিৰ পৰা আঁতৰি আহি ইৰাণৰ ওপৰত পুনৰ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰে। সেই সময়তো ৰাছিয়া আৰু চীন এই সিদ্ধান্তৰ বিৰুদ্ধে ইৰাণৰ সৈতে থিয় দিছিল।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মঙলবাৰে মস্কোত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ মাজত বৈঠকত অনুষ্ঠিত হয় আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰা হয়।