চলিত আই পি এল ছিজনত সুন্দৰ ফৰ্মৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা ছাই সুদৰ্শনে ৰচিলে ইতিহাস। ১৮ সংখ্যক ছিজনৰ চতুৰ্দশ সংখ্যক মেচখনত গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক ৮ উইকেটত পৰাস্ত কৰে।
চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত আৰচিবিয়ে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে মাত্ৰ দুটা উইকেট হেৰুৱাই ১৭.৫ অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।
মেচখনত সুদৰ্শনে ৩৬টা বলত ৪৯ ৰানৰ ইনিংছ খেলে। তেওঁৰ ইনিংছত আছিল সাতটা চাৰি আৰু এটা ছয়। অৱশ্যে তেওঁ ১৩ নম্বৰ অভাৰত জছ হেজলউডৰ বলত আউট হয়।
অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম নহ’লেও যুৱ ক্ৰিকেটাৰগৰাকীয়ে আই পি এলত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়। আই পি এল ইতিহাসত ২৮টা ইনিংছৰ পিছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয়। ইয়াৰ উপৰি ২৮টা ইনিংছৰ পিছত সবাটোকৈ অধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰতো পৰিণত হয় সুদৰ্শন।
এই ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ শ্বন মাৰ্ছ আছে শীৰ্ষত। তেওঁ নিজৰ কেৰিয়াৰৰ প্ৰথম ২৮ ইনিংছৰ পিছত ১২৬৭ ৰান সংগ্ৰহ কৰাত সফল হৈছিল। ১২২০ ৰানৰ সহায়ত তালিকাৰ দ্বিতীয় নম্বৰত আছে ছাই সুদৰ্শন। তৃতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজৰ লেণ্ডল ছিমনছ, যিয়ে আই পি এলৰ ২৮ ইনিংছৰ পিছত ১০৭৬ ৰান সংগ্ৰহ কৰিছিল।
উল্লেখ্য যে সুন্দৰ ফৰ্মত থকা ছাই সুদৰ্শনে আই পি এলৰ শেষৰ ৭টা ইনিংছত মুঠ ৪৪৪ ৰান সংগ্ৰহ কৰিছে। স্ক’ৰসমূহ এনেধৰণৰ- ৬৫, ৮৪*, ৬, ১০৩, ৭৪, ৬৩ আৰু ৪৯ ৰান।