লেবানন আৰু ইজৰাইলৰ মাজত অব্যাহত আছে যুদ্ধবিৰতি । এই সময়ছোৱাত আইডিএফে হিজবুল্লাহৰ ঘাটিত কেইবাবাৰো বিমান আক্ৰমণ চলায়।
ইফালে নেতান্যায়াহুৰ সেনাই পুনৰ দক্ষিণ লেবাননত বিমান আক্ৰমণ চলায়। এই ড্ৰোন আক্ৰমণত নিহত হৈছে হিজবুল্লাহৰ এজন কমাণ্ডাৰ। সেনাই এক বিবৃতি জাৰি কৰি এই খবৰ নিশ্চিত কৰিছে।
এক সংবাদ সংস্থাৰ মতে, এই আক্ৰমণত ব্লিডা অঞ্চলক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ ফলত আলী ইবাৰ আল-নবি খাদীৰ প্ৰাণহানি হয়। সেনাই খাদীক ম্হাইবিব অঞ্চলৰ হিজবুল্লাহৰ সামৰিক চকীখনৰ উপ-মূৰব্বী হিচাপে চিনাক্ত কৰে। ইফালে, নাম প্ৰকাশ নকৰা লেবাননৰ নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, বৃহস্পতিবাৰে দক্ষিণ লেবাননত ইজৰাইলৰ ড্ৰ’ন আক্ৰমণত এজন লোক নিহত হয়। এই আক্ৰমণত নিহত লোকজন হিজবুল্লাহৰ সদস্য আলী আব্দেল নবী হিজাজী বুলি জানিব পৰা গৈছে।
মন কৰিবলগীয়া যে ২০২৪ চনৰ ২৭ নৱেম্বৰৰ পৰা হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত আমেৰিকা আৰু ফ্ৰান্সৰ তৎপৰতাত যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী হোৱাত গাজা ষ্ট্ৰিপৰ যুদ্ধৰ বাবে আৰম্ভ হোৱা এবছৰতকৈও অধিক সময়ৰ সংঘাতৰ অন্ত পৰে।
এই চুক্তিৰ পিছতো মাজে মাজে ইজৰাইলী সেনাবাহিনীয়ে লেবাননত আক্ৰমণ চলাই আহিছে। এই সন্দৰ্ভত ইজৰাইলী সেনাই দাবী কৰিছে যে এই আক্ৰমণসমূহ হিজবুল্লাহৰ দ্বাৰা সৃষ্টি হোৱা ভাবুকি নিষ্ক্ৰিয় কৰিবলৈ কৰা হৈছে।