১৮ এপ্ৰিলত গাজা যুদ্ধবিৰতিৰ পুনৰ আলোচনাৰ বাবে ইজৰাইলৰ নতুন প্ৰচেষ্টাক নাকচ কৰে হামাছে।উল্লেখ্য যে, ১৭ এপ্ৰিলত ইজৰাইলৰ বিমান আক্ৰমণত কমেও ৪৩ জন পেলেষ্টাইনী নিহত হয়। এই নিহতসকলৰ ভিতৰত আছিল ভোগ বৰাকা পৰিয়ালৰ ১০ জন সদস্য।
৪৫ দিনৰ বাবে এই যুদ্ধবিৰতি অব্যাহত ৰাখিবলৈ ইজৰাইলে নতুন নতুন দাবী উত্থাপন কৰে, য’ত হামাছে ১০ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়াৰ লগতে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰাটোও এই দাবীৰ ভিতৰত অন্তৰ্ভূক্ত আছিল। কিন্তু ১৮ এপ্ৰিল, শুকুৰবাৰে হামাছে এই প্ৰস্তাৱ নাকচ কৰি ইয়াক “অসম্ভৱ চৰ্ত” বুলি অভিহিত কৰে।
শুকুৰবাৰে হামাছৰ মুখপাত্ৰই কয় যে, বেঞ্জামিন নেতান্যায়াহুৱে নিজৰ ৰাজনৈতিক এজেণ্ডা আগুৱাই নিয়াৰ বাবে আংশিক চুক্তি ব্যৱহাৰ কৰে। কিন্তু তেওঁলোকে এই নীতিৰ পক্ষ নলয়। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, হামাছে বিচাৰে যে পণবন্দীসকলৰ বিনিময়ত যুদ্ধ বন্ধ হওক, গাজা ষ্ট্ৰিপ দখল উঠাই লোৱা হওক আৰু পুনৰ্গঠন আৰম্ভ কৰাৰ লগতে ইজৰাইলৰ কাৰাগাৰত ৰখা পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়া হওক।
মধ্যস্থতাকাৰী ইজিপ্তই দুয়োৰে মাজত মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে কোনো সমাধান পোৱা নাই। হামাছ আৰু ইজৰাইলে ইজনে সিজনৰ দাবী নাকচ কৰি আহিছে। এতিয়া আগন্তুক দিনত কি হব চাব লাগিব।
ইফালে ইজৰাইলী সেনাই কয় যে, তেওঁলোকৰ সৈন্যই দক্ষিণ ৰাফা চহৰৰ ওচৰৰ শ্বাবুৰা আৰু টেল আল চুলতান অঞ্চলত আৰু উত্তৰ গাজাত গাজা চহৰৰ পূব দিশৰ এক বৃহৎ অঞ্চল নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। বিগত মাহত ইজৰাইলে দুমাহৰ যুদ্ধবিৰতিৰ অন্ত পেলাই হামাছৰ এক তৃতীয়াংশ দখল কৰিছে।