ৰাজনৈতিক অস্থিৰতাৰ বাবে চৰ্চাত থকা বাংলাদেশত এজন হিন্দু নেতাক হত্যা কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সামাজিক মাধ্যম এক্সযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাংলাদেশক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।
ৰণধীৰে লিখিছে, ‘বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু নৃশংস হত্যাকাণ্ডক লৈ আমি অত্যন্ত দুখ প্ৰকাশ কৰিছো। এই হত্যাকাণ্ডই অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত হৈ থকা হিন্দু সংখ্যালঘুসকলৰ ওপৰত প্ৰণালীবদ্ধভাৱে অত্যাচাৰৰ আৰ্হি। পূৰ্বৰ এনে ঘটনাৰ অপৰাধীয়ে নিৰ্ভয়ে ঘূৰি ফুৰিছে। আমি এই ঘটনাক গৰিহণা দি পুনৰবাৰ অন্তৱৰ্তীকালীন চৰকাৰক সোঁৱৰাই দিওঁ যে কোনো অজুহাত বা বৈষম্য নকৰাকৈ হিন্দুকে ধৰি সকলো সংখ্যালঘু লোকক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰক।’
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, ৫৮ বছৰীয়া হিন্দু সম্প্ৰদায়ৰ নেতা ভৱেশ চন্দ্ৰ ৰয়ক বাংলাদেশৰ দিনাজপুৰ জিলাস্থিত তেওঁৰ বাসগৃহৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি নি নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি, ভৱেশ ৰয়ৰ মৃতদেহ বৃহস্পতিবাৰে নিশা উদ্ধাৰ হয়। এই ঘটনাৰ পিছৰে পৰা বাংলাদেশৰ সংখ্যালঘু লোকসকলৰ মাজত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আৰু দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।