উত্তৰ প্ৰদেশৰ গাজিয়াবাদ ৰেল ষ্টেচনত ১৮ এপ্ৰিলত এক বৃহৎ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আচলতে হিন্দু সুৰক্ষা দলৰ কৰ্মীসকলে এজন মোগল সম্ৰাটৰ ছবি ক’লা ৰং সানে।
কিন্তু যিখন ছবি তেওঁলোকে ঔৰংজেৱৰ বুলি ভাবি ক’লা কৰি পেলাই, আচলতে সেইখন শেষৰ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰহে আছিল। ইয়াৰ পিছতেই ৰে’ল আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে। বাহাদুৰ শ্বাহ জাফৰ কোন আছিল আৰু ভাৰতলৈ তেওঁৰ অৱদান কি আছিল জানো আহক-
বাহাদুৰ শ্বাহ জাফৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন নায়ক আছিল। বাহাদুৰ শ্বাহ জাফৰৰ নাম উলিয়ালেই তেওঁৰ ভাৰতৰ প্ৰতি থকা প্ৰেমৰ কথা মনত পৰে। ১৮৫৭ চনৰ বিদ্ৰোহত তেওঁ দেশৰ সকলো ৰজাক এক সম্ৰাট হিচাপে নেতৃত্ব দিছিল। কিন্তু ইয়াৰ বাবে তেওঁ ইংৰাজৰ বন্দী হৈ জীৱন ত্যাগ কৰি গধুৰ মূল্য ভৰিবলগীয়া হৈছিল। ইংৰাজে তেওঁক এনে এক শাস্তি দিলে যে ১৩২ বছৰ ধৰি তেওঁৰ কবৰেই পোৱা নগ’ল।
বাহাদুৰ শ্বাহ জাফৰৰ পিতৃয়ে তেওঁক সিংহাসন অৰ্পণ কৰিব বিচৰা নাছিল। কিন্তু ক্ৰমান্বয়ে মোগলৰ অৱনতি আৰু ইংৰাজৰ ভাৰতৰ ওপৰত নিয়ন্ত্ৰণ ক্ৰমান্বয়ে বৃদ্ধিৰ ফলত মোগলৰ শাসনৰ বাবে বাকী থকা একমাত্ৰ ঠাইখন আছিল শ্বাহজাহানাবাদ অৰ্থাৎ দিল্লী।
মীৰুটৰ পৰা যেতিয়া ইংৰাজৰ বিৰুদ্ধে বিপ্লৱৰ ধ্বনি বাজি উঠে, তেতিয়া ইংৰাজৰ আক্ৰমণত অশান্ত ৰজা-মহাৰজাসকলে একত্ৰিত হ’বলৈ আৰম্ভ কৰিছিল। সকলোৱে বাহাদুৰ শ্বাহ জাফৰৰ লগত আলোচনা কৰি কৰে আৰু তেওঁৱো ইংৰাজ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব মানি লৈছিল। কিন্তু ৮২ বছৰীয়া বাহাদুৰ শ্বাহ জাফৰ এই যুদ্ধত পৰাস্ত হৈ জীৱনৰ শেষ দিনবোৰ ব্ৰিটিছ বন্দীত্বত কটাবলগীয়া হৈছিল।
৮৭ বছৰ বয়সত তেওঁৰ শেষ নিশ্বাষ ত্যাগ কৰিলেও ১৯৯৪ চনত সুদীৰ্ঘ ১৩২ বছৰৰ পাছতহে তেওঁৰ দৰগাহ নিৰ্মাণ কৰা হৈছিল।