ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইনৰ সেনাই উত্তৰ কোৰিয়াক বিপুল ক্ষতি সাধন কৰিছে। দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাই এটা চাঞ্চল্যকৰ দাবী কৰি কৈছে যে, ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুঁজি থকা কমেও ৪৭০০ জোৱান নিহত বা আহত হৈছে।
বুধবাৰে এই সংস্থটোৱে কয় যে, ইউক্ৰেইনৰ বাহিনীৰ বিৰুদ্ধে ৰাছিয়াৰ সমান্তৰালভাৱে যুঁজি থকা আনুমানিক ৪৭০০ উত্তৰ কোৰিয়াৰ সৈন্য নিহত বা আহত হৈছে।
উল্লেখ্য যে, দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাৰ এই মূল্যায়নৰ দুদিন পূৰ্বে উত্তৰ কোৰিয়াই প্ৰথমবাৰৰ বাবে নিশ্চিত কৰিছিল যে বিগত বৰ্ষত ইউক্ৰেইনৰ হঠাৎ অনুপ্ৰৱেশৰ বাবে ৰাছিয়াই নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা কুৰ্স্ক অঞ্চলৰ কিছু অংশ পুনৰ দখল কৰাত ৰাছিয়াক সহায় কৰিবলৈ নিজৰ যুদ্ধ সৈন্য প্ৰেৰণ কৰিছিল। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সেৱাই বন্ধ দুৱাৰৰ সংসদীয় সমিতিৰ বৈঠকত কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফ্ৰণ্টত উত্তৰ কোৰিয়াৰ ৬০০ জন সৈন্য নিহত হোৱাৰ লগতে ৪৭০০ জন লোকৰ মৃত্যু হৈছে। এই তথ্য বৈঠকত অংশগ্ৰহণ কৰা সাংসদসকলৰ ভিতৰত অন্যতম লি ছিয়ং কোৱানে কয়।