যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ কাণ্ডৰ পিছতে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি বাতিল কৰিছিল সিন্ধু জল চুক্তি। এই জল চুক্তি বাতিল কৰাৰ পিছত অনাগত দিনত পাকিস্তান গভীৰ জল সংকটত ভুগিব বুলি ধাৰণা কৰা হৈছে।
শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, পাকিস্তানে বিশ্বৰ কেইবাখনো দেশক অনুৰোধ কৰাৰ পিছত এইবাৰ সিন্ধু জল চুক্তি বাতিল কৰা বিষয়টো পুনৰ বিবেচনা কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ভাৰতক।
ভাৰতৰ এই সিদ্ধান্তৰ বাবে পাকিস্তানত গভীৰ সমস্যাই দেখা দিয়া বুলি পাকিস্তানৰ তৰফৰ পৰা মন্তব্য আহিছে। পাকিস্তানৰ জলসম্পদ মন্ত্ৰালয়ে এই সন্দৰ্ভত ভাৰতলৈ এখন পত্ৰ লিখি এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাইছে।
অৱশ্যে এটা সূত্ৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি পাকিস্তানৰ আবেদনক ভাৰতে গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাই।
উল্লেখ্য যে, ১২ মে’ত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টভাৱে কৈছিল যে তেজ আৰু পানী একেলগতে বৈ যাব নোৱাৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, ‘পাকিস্তানী সেনা আৰু চৰকাৰে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আহিছে। সেই সন্ত্ৰাসবাদীয়ে এদিন পাকিস্তানক ধ্বংস কৰি দিব। পাকিস্তানে ইয়াৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ হ’লে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰিব লাগিব। শান্তিৰ বাহিৰে আন কোনো পথ নাই।’