ইজৰাইলৰ সেনাই হত্যা কৰে হামাছৰ শীৰ্ষ নেতা তথা নিহত হামাছৰ মুৰব্বী য়াহিয়া সিনোৱাৰৰ কনিষ্ঠ ভাতৃ মহম্মদ সিনোৱাৰক। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে, য়াহিয়া সিনোৱাৰৰ কনিষ্ঠ ভাতৃক হত্যা কৰা হৈছে। বিগত সপ্তাহত গাজাত ইজৰাইলী সেনাই চলোৱা বিমান আক্ৰমণত মহম্মদ সিনোৱাৰ নিহত হৈছিল।
ইজৰাইলৰ সাংসদসকলৰ সৈতে হোৱা বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে, সকলো ইংগিতৰ ভিত্তিত খান ইউনিছৰ এখন ইউৰোপীয় চিকিৎসালয়ৰ চৌহদত হোৱা আক্ৰমণত মহম্মদ সিনোৱাৰ নিহত হৈছে।
উল্লেখ্য যে, মহম্মদ সিনোৱাৰ গাজাত হামাছৰ নেতা য়াহিয়া সিনোৱাৰৰ কনিষ্ঠ ভাতৃ আছিল। যোৱা বছৰৰ অক্টোবৰ মাহত ইজৰাইলৰ নিৰাপত্তা বাহিনীৰ সামৰিক অভিযানত নিহত হৈছিল য়াহিয়া সিনোৱাৰ।
খবৰ অনুসৰি, ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে খান ইউনিছৰ ইউৰোপীয় চিকিৎসালয়ৰ ভূগৰ্ভস্থ গঠনসমূহক লক্ষ্য কৰি লৈছিল, যিবোৰ হামাছে ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।
ছৌদি চেনেল আল হাদাথৰ মতে, মহম্মদ সিনোৱাৰৰ মৃতদেহ তেওঁৰ আন ১০ জন সংগীৰ মৃতদেহৰ সৈতে মাটিৰ তলৰ সুৰংগ এটাৰ পৰা উদ্ধাৰ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ইজৰাইলী সেনাৰ আক্ৰমণত হামাছৰ সামৰিক শাখাৰ ৰাফাহ ব্ৰিগেডৰ অধিনায়ক মহম্মদ শ্বাবানাও নিহত হোৱাৰ প্ৰমাণ পোৱা গৈছে।
অৱশ্যে ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে এতিয়াও আনুষ্ঠানিকভাৱে সিনোৱাৰৰ মৃত্যুৰ কথা নিশ্চিত কৰা নাই। ইফালে পেলেষ্টাইনৰ স্বাস্থ্য বিষয়াসকলে কয় যে, “ইজৰাইলৰ আক্ৰমণত ৬ জন লোক নিহত হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হৈছে।
বিগত বৰ্ষৰ মে’ মাহত হামাছৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষ মহম্মদ দৈফক হত্যা কৰাৰ পিছত মহম্মদ সিনোৱাৰে সন্ত্ৰাসবাদী সংগঠনটোৰ সামৰিক শাখাৰ দায়িত্ব লয়। একে সময়তে ইজৰাইলৰ আক্ৰমণত মহম্মদৰ জ্যেষ্ঠ ভাতৃ ইয়াহিয়া নিহত হোৱাৰ পিছত তেওঁ গাজা ষ্ট্ৰিপত থকা সন্ত্ৰাসবাদী সংগঠন হামাছৰ বাস্তৱিক নেতা হৈ পৰে।