পেহেলগাম আক্ৰমণৰ পিছতেই যেন বিপদে আগুৰি ধৰিছে পাকিস্তানক। পাকিস্তানত সংঘটিত হৈছে এটাৰ পিছত আনটোকৈ ভয়ংকৰ দুৰ্ঘটনা। স্থানীয় সংবাদ মাধ্যমৰ মতে যোৱা নিশা এটা ঘৰত চিলিণ্ডাৰ বিস্ফোৰণ সংঘটিত হয় য’ত ৭ জন লোকৰ মৃত্যু হয়। বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে চালখন সম্পূৰ্ণৰূপে ভাঙি যায়।
৭ জুনৰ মাজনিশা মাৰ্দানৰ ইৰাম কলনীৰ দুমহলীয়া ঘৰত এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে। বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে ঘৰৰ চাল ভাঙি সমগ্ৰ ওপৰৰ অংশ ভাঙি যায়। এই দুৰ্ঘটনাত স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ আন চাৰিজন আত্মীয়কে ধৰি একেটা পৰিয়ালৰ ৬জন লোকৰ মৃত্যু হয়।
ফৈছালাবাদতো দুৰ্ঘটনা
ঘটনাৰ পিছতে উদ্ধাৰকাৰী দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় আৰু আহত আৰু মৃতকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। ইফালে ফৈছালাবাদত সংঘটিত হয় এক বেলেগ ঘটনা। য’ত এটা জৰাজীৰ্ণ ঘৰৰ চাল ভাঙি ৮ জন আহত হয়।
আৰক্ষীৰ তথ্য অনুসৰি, আহতসকলৰ ভিতৰত আছে মহম্মদ আক্ৰাম, তেওঁৰ পত্নী সাদিয়া (৩৫), পুত্ৰ ইছৰাৰ (১০) আৰু ৱাছিম (১৮), কন্যা আছমা আক্ৰাম (১২), নূৰ ফাতিমা (৮), কাছফ আক্ৰাম (৪) আৰু এগৰাকী অতিথি ৰবিনা ৰিয়াজ (৩৫)। সকলোকে ধ্বংসাৱশেষৰ পৰা উলিয়াই চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
সিন্ধতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। য’ত মহম্মদ ৰহিম মালোকানী গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাদৰ পৰা প্লাষ্টাৰ পৰি আহত হয় ৮ টা শিশু। আহত শিশুসকলৰ ভিতৰত আছে বানো, ছাইৰা, শ্বোৱেইব, ভাম্ভো, ছায়্যান, বালাম আৰু কৌছাৰ। ইয়াৰে ছাইৰা, শ্বোয়াইব আৰু কৌছাৰৰ অৱস্থা সংকটজনক বুলি কোৱা হয়। ততাতৈয়াকৈ আটাইকেইটা শিশুকে স্থানীয় ৰাইজ আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে ওচৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।