মেষ ৰাশি: আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে ভাবি-চিন্তি ল’ব৷ দিনটো বৰ সফল দেখা নাযায়। মানসিক অশান্তি হ’ব পাৰে। পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে। কামৰ বোজাৰ পৰা সাৱধান।
বৃষ ৰাশি: খং নিয়ন্ত্ৰণ কৰক। দিনটো মধ্যমীয়া। কিছু স্বাভাৱিক পৰিৱৰ্তন আহিব। কিন্তু অপ্ৰত্যাশিত একো ঘটনা নঘটে। দৈনন্দিন কাম-কাজত সংঘাত আৰু বিবাদ এৰাই চলিব।
মিথুন ৰাশি: বিলাসিতা, বৈভৱ আৰু জীৱনৰ আটাইবোৰ ভাল বস্তুৱে আজি আপোনাক আনন্দ দিব। বৃত্তিমূলক আৰু আৰ্থিক সকলো দিশৰ কাৰণে আজিৰ দিনটো বৰ সৌভাগ্যশালী। ধন বৃদ্ধি আৰু ব্যৱসায়ত উন্নতি। সামাজিক মৰ্যাদা লাভ।
কৰ্কট ৰাশি: হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব। কঠোৰ পৰিশ্ৰমৰ ফল লাভ। নিজৰ জীৱন-যাপন কৰা প্ৰণালীক সৰল কৰিব। প্ৰেমৰ সম্পর্ক ভাল। বিবাহিতসকলৰ বাবে দিনটো শুভ।
সিংহ ৰাশি: কামৰ বাবে বিদেশত থকা বন্ধু আৰু আত্মীয়-স্বজনৰ পৰা ইতিবাচক খবৰ পাব। তীৰ্থযাত্ৰা বা ছুটী কটোৱাৰ ক্ষেত্ৰত ভ্ৰমণৰ যোগ। ব্যৱসায়ী তথা বিনিয়োগকাৰীৰ কাৰণেও সময় অনুকূল।
কন্যা ৰাশি: আপোনাৰ চাৰিওফালৰ পৰিৱেশক নান্দনিকভাৱে অধিক উন্নত কৰক। নাৰীৰ পৰা বিশেষকৈ মাতৃৰ পৰা প্ৰশংসা পাব। স্বাস্থ্যত নজৰ দিয়ক।
তুলা ৰাশি: কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব। আজি বিপদৰ আশংকা নাই। দিনটো প্ৰায় ভাল। সৰু যাত্রা বা ভ্রমণ হʼব পাৰে। সৌন্দৰ্য বৃদ্ধি কৰিবলৈ সাজ-পোছাক কিনিব।
বৃশ্চিক ৰাশি: আজি প্ৰায় ভাল হʼব৷ লক্ষ্যত সফল। কৰ্ম-ব্যৱসায়ত সফল। কঠোৰ পৰিশ্ৰমৰ ফল লাভ। খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে। প্ৰেমৰ সম্পর্কত মনোযোগ দিব।
ধনু ৰাশি: সৰু-সুৰা দুৰ্ঘটনা আৰু মানসিক অশান্তিয়ে সমগ্ৰ দিন আগুৰি থাকিব। খৰচৰ মাত্ৰা বৃদ্ধি। ভ্ৰমণৰ যোগ।
মকৰ ৰাশি: দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব। সতৰ্কতা অৱলম্বন কৰা উচিত। নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব। কর্মত শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব।
কুম্ভ ৰাশি: ভাগ্য ভাল। ধনাগমনৰ দিশ শুভ। নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা সুন্দৰ দিন। বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে, আনন্দপূৰ্ণ হ’ব।
মীন ৰাশি: নিজৰ আবেগ আৰু দুৰ্বলতাসমূহক প্ৰকাশ নকৰিব। প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে। মাতৃৰ অসুস্থতাৰ বাবে মনটো বেয়া হৈ থাকিব। সামগ্ৰিকভাৱে ক’ব গ’লে বৰ্তমান গ্ৰহৰ স্থান প্ৰতিকূল নহয়।