অধিক ভয়াবহ হৈছে বাংলাদেশৰ পৰিস্থিতি। সংৰক্ষণ ব্যৱস্থাক লৈ বাংলাদেশৰ শিক্ষাৰ্থী সমাজে অব্যাহত ৰাখিছে প্ৰতিবাদ। তীব্ৰ প্ৰতিবাদৰ ফলত বৰ্তমানলৈ বাংলাদেশত ১০৫ গৰাকী লোকৰ মৃত্যু হৈছে। এই প্ৰতিবাদত আহত হৈছে প্ৰায় ২৫০০ লোক।
ইফালে, প্ৰতিবাদকাৰীৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বাংলাদেশতে সান্ধ্য আইন জাৰি কৰিছে চৰকাৰে।
আনহাতে শুকুৰবাৰে প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে গুলীবৰ্ষণ কৰাৰ খবৰ আহিছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, বৰ্তমানলৈ ১০৫ গৰাকী লোকৰ মৃত্যু হৈছে। চুবুৰীয়া ৰাষ্ট্ৰখনত হৈ থকা হিংসাত্মক প্ৰতিবাদৰ মাজতে ৪০৫ গৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে স্ব-গৃহলৈ উভতি আহিছে।
প্ৰতিবাদৰ আৰম্ভণিঃ
১৯৭১ চনত বাংলাদেশে স্বাধীনতা লাভ কৰিছিল। বাংলাদেশৰ বাতৰি কাকত ‘দ্য ডেইলী ষ্টাৰ’ৰ প্ৰতিবেদন অনুসৰি, স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা বাংলাদেশত ৮০ শতাংশ কোটা প্ৰণালী কাৰ্যকৰী কৰা হয়। চাকৰিৰ ক্ষেত্ৰত স্বাধীনতা সংগ্ৰামীসকলৰ সন্তানক ৩০% সংৰক্ষণ দিয়া হৈছিল, পিছপৰা জিলাৰ বাবে ৪০%, মহিলাৰ বাবে ১০%। সাধাৰণ শিক্ষাৰ্থীসকলৰ বাবে মাত্ৰ ২০% আসন ৰখা হৈছিল।
আনহাতে, ১৯৭৬ চনত পিছ পৰা জিলাৰ বাবে সংৰক্ষণ ২০% লৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ ফলত সাধাৰণ শিক্ষাৰ্থীসকল ৪০% আসনলৈ বৃদ্ধি হয়। ১৯৮৫ চনত পিছ পৰা জিলাৰ বাবে সংৰক্ষণ আৰু ১০% লৈ হ্ৰাস কৰা হৈছিল আৰু সংখ্যালঘুসকলৰ বাবে ৫% কোটা যোগ কৰা হৈছিল। ইয়াৰ ফলত সাধাৰণ শিক্ষাৰ্থীৰ আসনৰ সংখ্যা ৪৫% লৈ বৃদ্ধি হয়।
প্ৰথমতে, কেৱল স্বাধীনতা সংগ্ৰামীসকলৰ পুত্ৰ আৰু কন্যাসকলক সংৰক্ষণ দিয়া হৈছিল কিন্তু ২০০৯ চনৰ পৰা নাতি-নাতিনীসকলকো সংৰক্ষণৰ আওতালৈ অনা হৈছিল। ২০১২ চনত প্ৰতিবন্ধী শিক্ষাৰ্থীসকলৰ বাবে ১% কোটা যোগ কৰা হৈছিল। যাৰ ফলত সৰ্বমুঠ কোটা ৫৬% হৈছিল।
উল্লেখ্য যে, ৬ বছৰ পূৰ্বে চৰকাৰে কোটা প্ৰণালী বন্ধ কৰিছিল। ২০১৮ চনত ৪ মাহ ধৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শনৰ পিছত শ্বেখ হাছিনা চৰকাৰে কোটা প্ৰণালী বাতিল কৰিছিল। কিন্তু চলিত বৰ্ষৰ ৫ জুনত উচ্চতম ন্যায়ালয়ে চৰকাৰক পুনৰ সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছৰে পৰা বাংলাদেশত প্ৰতিবাদৰ আৰম্ভণি হৈছিল।
১০৫ জনৰ মৃত্যুঃ
চিকিৎসালয়ৰ তথ্য অনুসৰি, আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত ১০৫ জন লোক নিহত হৈছে। ২,৫০০ ৰো অধিক লোক আহত হৈছে প্ৰতিবাদত। বাংলাদেশৰ এটা টেলিভিছন চেনেলে ১৭ জন লোকৰ মৃত্যুৰ খবৰ দিছিল। চময় টিভিয়ে ৩০ জন লোকৰ মৃত্যুৰ দাবী কৰিছিল। একেদৰে এজন এছ’চিয়েটেড প্ৰেছ সাংবাদিকে ঢাকা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ২৩ টা মৃতদেহৰ বাতৰি দিছিল। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ২২ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল।
৪০৫ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰত্যাগমনঃ
প্ৰতিবাদৰ ফলত প্ৰভাৱিত হৈছে ভাৰতীয় শিক্ষাৰ্থী। বৰ্তমানলৈ ৪০৫ গৰাকী ভাৰতীয় শিক্ষাৰ্থী বাংলাদেশৰ পৰা উভতি আহিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে কৈছিল যে, ভাৰতীয় শিক্ষাৰ্থীসকলক ডকি ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে বাংলাদেশৰ পৰা ওভতাই অনা হৈছে। তেওঁলোকৰ প্ৰায় ৮০ জন মেঘালয়ৰ আৰু বাকীবোৰ আন ৰাজ্যৰ বুলি মেঘালয় প্ৰশাসনে জনাইছে। নেপাল, ভূটানৰো কিছু শিক্ষাৰ্থী আৰু পৰ্যটকক স্থানান্তৰ কৰা হৈছে।
আনহাতে, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে বাংলাদেশৰ ইষ্টাৰ্ণ মেডিকেল কলেজত প্ৰায় ৩৬ জন শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। আমি তাত থকা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছো। শীঘ্ৰেই আমি আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলক উভতাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰিম।