পাকিস্তানৰ উত্তৰ-পশ্চিম বাজাউৰত বুধবাৰে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। এই বোমা বিস্ফোৰণত এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু দুজন আৰক্ষীকে ধৰি মুঠ ৪ জন লোক নিহত হয়। আফগানিস্তানৰ সীমান্তৱৰ্তী পাকিস্তানৰ জনজাতীয় অঞ্চলত এয়া আন এক সন্দেহযুক্ত সন্ত্ৰাসবাদী আক্ৰমণ বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।
অঞ্চলটোৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, বাজাউৰৰ জিলা সদৰৰ মীনা খেলপথাৰৰ সমীপত স্থানীয় এজন শীৰ্ষ প্ৰশাসনিক বিষয়া ফৈছাল চুলতানৰ বাহনক লক্ষ্য কৰি দুষ্কৃতিকাৰীয়ে আই ই ডি বিস্ফোৰণ সংঘটিত কৰে।
জিলা আৰক্ষী বিষয়া ৱাকাছ ৰফিকে জনোৱা মতে, এই আই ই ডি বিস্ফোৰণৰ ফলত চাৰিজন চৰকাৰী বিষয়া আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। এতিয়ালৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব লোৱা নাই। তেহৰিক-ই-তালিবান (টিটিপি) নামৰ উগ্ৰপন্থী সংগঠনটোৱে এই আক্ৰমণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী-প্ৰশাসনে।
ইফালে এই বিস্ফোৰণত আহত হৈছে ১১ জনকৈ লোক। আহতসকলক চিকিৎসাৰ বাবে খাৰৰ জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উল্লেখ্য যে, উত্তৰ-পশ্চিম পাকিস্তানত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লগতে চৰকাৰী বিষয়া আৰু সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ চলাই আহিছে টিটিপিয়ে।