আফগানিস্তানৰ ৰাজধানী কাবুল ২০৩০ চনৰ ভিতৰত বিশ্বৰ প্ৰথমখন আধুনিক ৰাজধানী হ’ব পাৰে য’ত পানী সম্পূৰ্ণৰূপে নাইকীয়া হোৱাৰ সম্ভাৱনা আছে। এই সতৰ্কবাণী মাৰ্চি কৰ্পছৰ এক প্ৰতিবেদনত দিয়া হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে, জলবায়ু পৰিৱৰ্তন, অতিমাত্ৰা শোষণ, আড়ম্বৰপূৰ্ণ নগৰায়ন আৰু চৰকাৰী গাফিলতিৰ বাবে এই সংকট আৰু অধিক ভয়াৱহ হৈ পৰিছে।
কাবুলে প্ৰতি বছৰে যি ভূগৰ্ভস্থ পানী নিষ্কাশন কৰে, সেয়া ইয়াৰ প্ৰাকৃতিক পুৰ্ণ-পূৰ্তিতকৈ ৪৪ মিলিয়ন ঘনমিটাৰ অধিক। ইয়াৰ বাবেই ইতিমধ্যে ঠাইখনৰ প্ৰায় আধা ব’ৰৱেল শুকাই গৈছে। বিশেষজ্ঞসকলে কয় যে যদি এই পৰিস্থিতি সোনকালে সলনি নহয়, তেন্তে ২০৩০ চনৰ ভিতৰত ভূগৰ্ভস্থ পানী সম্পূৰ্ণৰূপে শেষ হ’ব পাৰে।
তিনি দশকৰ পূৰ্বে কাবুলৰ জনসংখ্যা আছিল ২০ লাখতকৈও কম। কিন্তু ২০০১ চনৰ পিছত ই বহুত বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে পানীৰ চাহিদাও বৃদ্ধি পালে, আনহাতে চহৰখন প্ৰায় সম্পূৰ্ণৰূপে ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এই ভূগৰ্ভস্থ পানী দ্ৰুতগতিত শেষ হৈ গৈ আছে।
কাবুলৰ ৮০%তকৈ অধিক ভূগৰ্ভস্থ পানী প্ৰদূষিত। এই পানী সেৱন কৰিলে মানুহ অনবৰতে ডায়েৰিয়া আৰু বদহজমি আদি ৰোগত আক্ৰান্ত হৈ আছে।
বহু পৰিয়ালে বিশুদ্ধ পানী কিনিবলৈ বা দামী ব’ৰৱেল খান্দিবলৈ খাদ্য-পানী ত্যাগ কৰিবলগীয়া হয়। আৰু যিসকলৰ এই সামৰ্থ্য নাই তেওঁলোকে হয় মছজিদৰ পৰা পানী আনে নহয় টেংকাৰৰ ওপৰত নিৰ্ভৰ কৰে।
২০২১ চনত তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছত আফগানিস্তানলৈ আমেৰিকাৰ সাহায্য বন্ধ হৈ পৰে, য’ত ইউএছএআইডিৰ সাহায্যও আছিল। ইয়াৰ বাবেই পানী আৰু অনাময়ৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ প্ৰকল্প বন্ধ হৈ পৰিছে। ইয়াৰ ফলত এই পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে।
ইতিমধ্যে ইউনিচেফে সকীয়াই দিছে যে যদিহে পানীৰ শোষণ আৰু অপব্যৱস্থাপনা এনেদৰে চলি থাকে তেন্তে ২০৩০ চনৰ ভিতৰত কাবুল ভূগৰ্ভস্থ পানীহীন চহৰত পৰিণত হ’ব।ইয়াৰ ফলত কেৱল জল সংকটেই নহয়, স্বাস্থ্য, মানৱীয় আৰু সামাজিক সংকটৰ সৃষ্টি হ’ব পাৰে।