চামগুৰিত পোহৰলৈ আহিছে ইখনৰ পিছত সিখনকৈ চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনৰ দৃশ্য। চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰড়াগৰা মৌজাৰ ২নং গৰুমাৰা চৰকাৰী ভূমিত একাংশ সন্দেহজনক লোকে বেদখল আৰম্ভ কৰিছে।
প্ৰায় ৭০বিঘা ভূমিত ১১০টা পৰিয়ালৰ বেদখল কৰিছে। পূৰ্বতে চৰকাৰী এই ৰিজাৰ্ভত আছিল বিদ্যুতৰ সংযোগৰ লগতে চৰকাৰী আৱাস গৃহ।
পিছে বৰ্তমান সময়ত প্ৰায় ১১০টা সন্দেহজনক পৰিয়ালে এই চৰকাৰী ভূমিত থকা গছ-গছনি কাটি তহিলং কৰি সেই ঠাইত গাঁও সাজি সৰু-ডাঙৰ দোকান-পোহাৰ বনাই ভয়ংকৰভাৱে চুকে-কোণে বেদখল কৰি আছে। যাৰ বাবে বৰ্তমান অস্তিত্বৰ সংকটত ভুগিছে অসমৰ খিলঞ্জীয়াসকল।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই সমূহ চৰকাৰী ভূমিত বেদখল কৰি থকা এইসকল সন্দেহজনক লোকক চৰকাৰে উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে আহ্বান জনাইছে।