নেপালৰ ৰাজনীতিত ১২ ছেপ্তেম্বৰৰ নিশা ইচিহাস ৰচিত হয়। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে নৱনিযুক্ত প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ লগতে দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰে।
জাৰি কৰা বিবৃতি অনুসৰি, ২০২৬ চনৰ ২১ মাৰ্চত অনুষ্ঠিত হব নেপালত সাধাৰণ নিৰ্বাচন। এইয়া এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাষ্ট্ৰপতি পৌডেলৰ প্ৰেছ উপদেষ্টাই জনোৱা অনুসৰি নৱনিযুক্ত প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ পৰামৰ্শমৰ্মে ৰাষ্ট্ৰপতিয়ে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰে।
চলিত বৰ্ষৰ ৯ ছেপ্তেম্বৰৰ পৰা সংঘটিত হয় এক হিংসাত্মক প্ৰতিবাদ। এই প্ৰতিবাদক GEN Z প্ৰতিবাদ বুলি কোৱা হয়। নেপালত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে আৰম্ভ হোৱা এই প্ৰতিবাদে ধাৰণ কৰে হিংসাত্মক ৰূপ। প্ৰতিবাদ তীব্ৰতৰ হোৱাত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীয়ে পদত্যাগ কৰে। লগতে বহুকেইজন মন্ত্ৰী তথা নেতাইও পদত্যাগ কৰে। ইয়াৰ পিছতে নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী নেপালৰ অন্তবৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।
শুকুৰবাৰে কাঠমাণ্ডুৰ শীতল নিৱাসত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৭৩ বছৰীয়া প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে। তেওঁ উল্লেখ কৰে যে, তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিব আৰু ছমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব ল’ব। দুৰ্নীতি আৰু ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞাক লৈ সমগ্ৰ দেশখনতে ক্ষোভৰ জোৱাৰ উঠে যাৰ পৰিণতিত এই পৰিৱৰ্তন ঘটে।