পুনৰ বিতৰ্কত মানকাচৰৰ এগৰাকী ACS বিষয়া। এগৰাকী যুৱতীৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ এই বিষয়া গৰাকীৰ বিৰুদ্ধে। ACS বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে এই অভিযোগ।
বিয়াৰ প্ৰলোভনেৰে মুছলিম যুৱতীৰ সৈতে কুকাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে। মানকাচৰৰ ACS বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে চক্ৰ বিষয়া গৰাকীৰ বিৰুদ্ধে। যুৱতীগৰাকীৰ অভিযোগৰ পিছতে কাৰ্যালয়ৰ পৰা পলায়ন কৰে পাৰ্থ প্ৰতিম বৰ্মনে।
উল্লেখ্য যে ধুবুৰীৰ যুৱতী গৰাকীয়ে সোমবাৰে পুৱাৰ ভাগত মানকাচৰস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰথমে বিষয়া গৰাকীৰ লগতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হৈছিল বুলি জানিব পৰা গৈছে।
পিছে কাৰ্যালয়ত যুৱতী গৰাকীক এৰি বিষয়া গৰাকীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। ইফালে যুৱতী গৰাকীয়ে উক্ত ঘটনাক কেন্দ্ৰ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্ত সহ আৰক্ষী অধীক্ষক আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তক এখন লিখিত অভিযোগ দাখিল কৰে। সম্প্ৰতি যুৱতী গৰাকীয়ে উত্থাপন কৰা অভিযোগক কেন্দ্ৰ কৰি সমগ্ৰ মানকাচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।











