বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে অভিযোগ কৰিছে যে মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰখনে দেশত মৌলবাদক উৎসাহিত কৰাৰ ফলত ধৰ্মীয় নিৰ্যাতনৰ পুনৰ উত্থান ঘটিছে।
তেওঁ উল্লেখ কৰে যে এইবাৰ হিন্দু সংখ্যালঘু সমাজে ভয় আৰু নিৰাপত্তাহীনতাৰ মাজতে দুৰ্গা পূজা উদযাপন কৰিছে। পূৰ্বৰ প্ৰধানমন্ত্ৰীৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি উপদেষ্টা সজীব ৱাজেদে কয়, দুৰ্গা পূজা হৈছে ভক্তি আৰু উদযাপনৰ সময়; ই অন্যায়ৰ ওপৰত ন্যায়ৰ জয়ৰ প্ৰতীক। কিন্তু এইবাৰ বাংলাদেশত হিন্দু ভাই-ভনীসকলে ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশত পূজা উদযাপন কৰিছে। ইউনুছ চৰকাৰৰ অধীনত মৌলবাদীৰ উত্থানে পুৰণি ধৰ্মীয় নিৰ্যাতনৰ ছাঁক ওভোতই আনিছে।
তেওঁ কয় যে আৱামি লীগ সদায় বাংলাদেশৰ সংখ্যালঘুসকলক সুৰক্ষা প্ৰদান কৰা দল হৈ আহিছে। এই দলটোৱে ১৯৭১ চনত ধ্বংস হোৱা মন্দিৰসমূহ পুনৰ নিৰ্মাণ কৰি হিন্দু, বৌদ্ধ, খ্ৰীষ্টানসকলক তেওঁলোকৰ বিশ্বাস অনুযায়ী উপাসনাৰ অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰে আৰু সাম্প্ৰদায়িক হিংসা ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।












