বিপদ বাঢ়িছে শ্যামকানুৰ। শ্যামকানুৰ বিৰুদ্ধে ৰুজু হৈছে বিত্তীয় অনিয়মৰ গোচৰ। গোচৰৰ তদন্ত কৰিব ED আৰু আয়কৰ বিভাগে। প্ৰায় ৮ টাকৈ ধাৰা সংযোজন কৰি CIDত ৰুজু হৈছিল গোচৰ।
নামে-বেনামে একাধিক সম্পত্তি থকাৰ অভিযোগ উঠিছে শ্যামকানুৰ ওপৰত। দুদিনৰ জেৰাৰ অন্তত স্পষ্ট হৈছে শ্যামকানুৰ বিত্তীয় অনিয়ম সকলো তথ্য।
শ্যামকানুক এতিয়া নিজৰ জিম্মাত বিচাৰিব ED এ। কালিও শ্যামকানুৰ গৃহত ED এ চলাইছিল অভিযান। অভিযানত শ্যামকানুৰ গৃহৰ পৰা জব্দ কৰা নথি পৰীক্ষা কৰে ED এ। শ্যামকানুৰ গৃহৰ পৰা উদ্ধাৰ হৈছিল হৈছিল বহু ভুৱা ছীল-আপত্তিজনক তথ্য।