প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুওৱা আজি ২৪টা দিন পাৰ হল। চৰকাৰ, আৰক্ষী-প্ৰশাসনক সময় বান্ধি দিলে জুবিন গাৰ্গৰ পত্নী তথা ভগ্নীয়ে।
জুবিন গাৰ্গক ১০ দিনৰ ভিতৰত ন্যায় দিবলৈ দাবী জনাইছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে।
‘আমি নেভাগৰো… আমি নেপাহৰো! ন্যায় আমাক লাগিবই!’ বুলি পামী বৰঠাকুৰে ফেচবুক পোষ্ট কৰে। ইয়াৰ পিছতে আমাক ন্যায় লাগিবই বুলি পোষ্ট জুবিন অনুৰাগী সকলেও পোষ্ট কৰে।