এটা যুগৰ অন্ত পেলাই ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হৈছিল অসমীয়াৰ প্ৰাণস্পন্দন জুবিন গাৰ্গৰ। জুবিনৰ হত্যাৰ সন্দেহত SIT গঠন কৰা হৈছিল। ইয়াৰ পিছতে এই বিষয় সন্দৰ্ভত ৭জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল।
১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছিল জুবিন গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। ইয়াৰ পিছতে ১৫ অক্টোৱৰৰ দিনটোত শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱা হয় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক।
এই ৫ অভিযুক্ত উপস্থিত হোৱাত বাক্সা জিলা কাৰাগাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শ্যামকানু, সিদ্ধাৰ্থসহ ৫ অভিযুক্ত কাৰাগাৰত সোমোৱাৰ লগে লগে আৰু ভয়াৱহ হৈ পৰে বাক্সাৰ পৰিস্থিতি। অভিযুক্তক লক্ষ্য কৰি চেণ্ডেল, শিলগুটি নিক্ষেপ কৰে একাংশই।
পিছলৈ পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰে। জিলা কাৰাগাৰৰ সন্মুখত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছতে বাক্সা জিলা কাৰাগাৰৰ সমীপত BNSৰ ১৬৩ ধাৰা জাৰি কৰা হয়। কাৰাগাৰৰ ৫০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাত জাৰি কৰা হয় এই ধাৰা। কেইবাখনো বাহনেৰে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। ইয়াৰ লগতে বাক্সা জিলাত সাময়িকভাৱে কৰ্তন কৰা হয় মোবাইল ইণ্টাৰনেট সেৱা। গৃহবিভাগে জাৰি কৰে এই নিৰ্দেশনা।
অৱশ্যে বৰ্তমান বাক্সাৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ বৃহৎ দলো মোতায়েন কৰা হৈছে। নামনি অসমৰ কেইবাটাও আৰক্ষীৰ চাউনীৰ পৰা বাক্সাত উপস্থিত হৈছে আৰক্ষীৰ দল।
ইয়াৰ পিছতে কাৰো উচটনিত আইন হাতত তুলি নল’বলৈ ৰাইজলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। বাক্সাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা ৰাইজৰ আৱেগক ৰাজনৈতিক অস্ত্ৰ হিচাপে যাতে কোনেও ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি জনসাধাৰণে লক্ষ্য ৰাখিবলৈ অনুৰোধ জনায়। আৱেগক প্ৰৰোচিত হ’বলৈ সুবিধা দিলে সাধাৰণ ৰাইজ আৰু অসম ৰাজ্যখনৰ ক্ষতি হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।