শ্যামকানু- সিদ্ধাৰ্থৰ পিছত ১৪ দিনীয়া ন্যায়িক জিম্মাৰ অন্তত আজি আদালতত হাজিৰ কৰা হ’ব জুবিন গাৰ্গ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু সহ-গায়িকা অমৃতপ্ৰভা মহন্তক।
আজি CID জিম্মাৰ পৰা ইতিমধ্যে CJM ক’ৰ্টলৈ লৈ যোৱা হৈছে শেখৰজ্যোতি-অমৃতপ্ৰভাক। হাতত হেণ্ডকাফ লগাই CJM ক’ৰ্টলৈ নিয়া হয় দুয়োকে। কিছুসময় পিছতে আদালতে কি সিদ্ধান্ত লয়, সেয়া স্পষ্ট হৈ পৰিব।
উল্লেখ্য যে, জুবিন গাৰ্গক লুটি-পুটি শেষ কৰি দিয়া অভিযোগ উত্থাপন হৈছে শেখৰজ্যোতিৰ বিৰুদ্ধে।