প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাণিজ্য সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত এক আলোচনাত মিলিত হয় মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ এগৰাকী ভাল বন্ধু বুলি অভিহিত কৰে। লগতে ভাৰতবাসীলৈ দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতে ৰাছিয়াৰ পৰা আৰু তেল ক্ৰয় নকৰে বুলি ট্ৰাম্পে পুনৰ দাবী কৰাৰ মাত্ৰ এদিন পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এই বাৰ্তালাপ হয়। ভাৰতে তেনে নকৰিলে গধুৰ শুল্কৰ সন্মুখীন হ’ব লাগিব বুলিও ট্ৰাম্পে সকীয়াই দিয়ে।
যি সময়ত ভাৰত আৰু আমেৰিকাই বাণিজ্যিক চুক্তিৰ আলোচনাত মিলিত হৈছে, সেই সময়ত ট্ৰাম্পে বাৰে বাৰে ৰাছিয়াৰ তেল ক্ৰয়ৰ বিষয়ে বক্তব্য দাঙি ধৰিছে। ৰাছিয়াৰ তেল ক্ৰয়ৰ ওপৰত আগষ্ট মাহত আৰোপ কৰা অতিৰিক্ত ২৫% শুল্ককে ধৰি ভাৰতীয় আমদানিৰ ওপৰত আমেৰিকাই ৫০% পৰ্যন্ত শুল্ক আৰোপ কৰিছে।
ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে, শক্তি ক্ৰয়ৰ সিদ্ধান্ত ৰাজনৈতিক হেঁচা নহয়, বজাৰৰ পৰিস্থিতি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত ভিত্তি কৰিহে লোৱা হয়। ভাৰতে ধাৰাবাহিকভাৱে পুনৰ কৈ আহিছে যে ইয়াৰ নাগৰিকসকলৰ বাবে সুলভ আৰু বহনক্ষম শক্তি নিশ্চিত কৰাটো ইয়াৰ অগ্ৰাধিকাৰ।