ভাৰতত বহুতো ঐতিহাসিক অট্টালিকা, কিল্লা, প্ৰাসাদ, গুহা আছে কিন্তু মধ্য প্ৰদেশৰ ৰাইচেন জিলাত অৱস্থিত ভীমবেটকা গুহাবোৰৰ আছে এক সুকীয়া স্থান। এই গুহাবোৰৰ গাঁথনি পৃথিৱীৰ বাকী গুহাবোৰতকৈ পৃথক।
ভীমবেটকাৰ এই প্ৰাচীন গুহাসমূহ মধ্য প্ৰদেশৰ ৰাইচেন জিলাত অৱস্থিত। ৰাজধানী ভূপালৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত অৱস্থিত এই গুহাসমূহৰ দেৱালত আদিম মানৱে শিলৰ চিত্ৰ অংকন কৰিছিল। হাজাৰ হাজাৰ বছৰৰ পাছতো এই শিলৰ চিত্ৰসমূহ একেই আছে।
ভীমবেটকা আজি সমগ্ৰ বিশ্বতে ইয়াৰ শিলৰ চিত্ৰ আৰু সৌন্দৰ্যৰ বাবে বিখ্যাত। এই শিলচিত্ৰসমূহৰ গাঁথনি পেলিঅলিথিকৰ পৰা মেছোলিথিক যুগলৈকে বিস্তৃত।
ভীমবেটকাৰ এই গুহাবোৰ ১৯৫৭-১৯৫৮ বৰ্ষত ভাৰতৰ পুৰাতত্ত্ববিদ ড০ বিষ্ণু শ্ৰীধৰ ৱাকাঙ্কৰে আৱিষ্কাৰ কৰিছিল। ভীমবেটকাৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে ইয়াক ১৯৯০ চনত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ স্থানসমূহৰ ভিতৰত স্থান দিছিল আৰু ইয়াৰ যত্ন লোৱাৰ দায়িত্ব লৈছিল।
২০০৩ চনত ৰাষ্ট্ৰসংঘৰ বিশ্বৰ ঐতিহাসিক গুৰুত্বৰ ভৱন সংগঠনে ভীমবেটকাৰ গুহাসমূহক বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। এই গুহাবোৰ বিন্ধ্যাচল পাহাৰৰ শেষত অৱস্থিত।
ভীমবেটকা গুহাসমূহৰ ইতিহাস
ভীমবেটকা গুহাৰ দেৱালত হাজাৰ হাজাৰ বছৰ পুৰণি চিত্ৰ আছে। ইয়াত প্ৰায় ৬০০ টা গুহা আছে। যাৰ ভিতৰত ২৭৫ টা গুহা চিত্ৰৰে সজোৱা হৈছে। এই চিত্ৰসমূহে সেইসময়ত তাত থকা মানৱজাতিৰ উপস্থিতিৰ কথা বৰ্ণনা কৰে।
ইয়াত নিৰ্মিত শিলৰ চিত্ৰসমূহত শিল্পীসকলে গোট নৃত্য, মানৱ সৃষ্টি, চিকাৰ, বহু প্ৰকাৰৰ জীৱ-জন্তু আৰু চৰাই, যুদ্ধৰ লগতে প্ৰাচীন কালত মানুহে কৰা দৈনন্দিন কামসমূহ দেখুওৱা হৈছে।
এই চিত্ৰবোৰত ব্যৱহৃত খনিজ ৰংবোৰ হৈছে গেৰুৱা, ৰঙা আৰু বগা। আনহাতে কিছুমান ঠাইত হালধীয়া, সেউজীয়াৰো ব্যৱহাৰ কৰা হৈছে। স্থানীয় লোকসকলে বিশ্বাস কৰে যে, অজ্ঞাতবাসৰ সময়ত পঞ্চপাণ্ডৱে এই গুহাবোৰত কিছু সময় অতিবাহিত কৰিছিল। যাৰবাবে পাছলৈ এই ঠাইখনৰ নাম পাণ্ডৱসকলৰ দ্বিতীয় ভাতৃ ভীমৰ নামেৰে ৰখা হয়।
ইতিহাস আৰু প্ৰকৃতিৰ প্ৰতি আগ্ৰহী পৰ্যটকসকলৰ বাবে ভীমবেটকা হৈছে সৰ্বশ্ৰেষ্ঠ স্থান।বিমানেৰে অহা পৰ্যটকসকলে পোনপটীয়াকৈ ভূপাললৈ আহি এই গুহা ভ্ৰমণ কৰিব পাৰে।