এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। চাৰ্জশ্বীট দাখিল কৰাৰ পিছদিনাই #JusticeForZubeenGarg আন্দোলনত অংশগ্ৰহণ কৰি ৰাজপথত নামিব মুখ্যমন্ত্ৰী।
২৪ অক্টোবৰত সাংবাদিকৰ আগত এই কথা স্পষ্টভাৱে কৰে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক মন্তব্যই বিতৰ্ক সৃষ্টি কৰাৰ সময়তে এই কথা সগৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ কয়, ‘ন্যায় দিব ন্যায়ালয়ে, মই মুখ্যমন্ত্ৰীহে, মুখ্য ন্যায়াধীশ নহয়, ন্যায়ালয়ে যাতে সোনকালে ৰায় দিয়ে, তাৰ বাবে হেঁচা দিবলৈ মই ৰাজপথত নামিম’। তেওঁ লগতে কয় যে, সোণাপুৰত স্থানীয় মানুহো থাকে। গতিকে ৰাতি সুৰাপান কৰি হাই-হুলস্থুল কৰি তেওঁলোকক গোটেই ৰাতি অশান্তি দিয়াটোও উচিত নহয়।
ইফালে,জুবিন গাৰ্গৰ সমাধিস্থলৰ বাবে চৰকাৰে জাৰি কৰা SOP সন্দৰ্ভত সাহিত্যিক ৰীতা চৌধুৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মন্তব্যকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, ৰাতি ১০ টা বজাৰ পাছত অসমত কোনো লোক কামাখ্যা মন্দিৰলৈয়ো নাযায়, কোনো কলেজত নাযায়, বিশ্ববিদ্যালয়লৈও নাযায়। ভুপেন হাজাৰিকাৰ সমাধিস্থললৈয়ো ৰাতি ১০ টা বজাৰ পাছত কোনো নাযায়।গতিকে ৰাতি ১০ টা বজাৰ পাছত জুবিন ক্ষেত্ৰলৈ কোন যাব লাগে বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।
ৰীতা চৌধুৰীৰ মন্তব্য উত্তেজনামূলক বুলি কয় মুখ্যমন্ত্ৰীয়ে। লগতে যিকোনো প্ৰকাৰে এই চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা












