বিগত কেইমাহমানৰ পৰা আমেৰিকা আৰু ভাৰতৰ মাজত সম্পৰ্ক স্তব্ধ হৈ পৰিছে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিছিল যদিও এতিয়া তেওঁৰ ভাষ্য সলনি হোৱা যেন পৰিলক্ষিত হৈছে।
৭ নৱেম্বৰত হোৱাইট হাউছে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ট্ৰাম্পে সঘনাই সাক্ষাৎ কৰে। ইয়াৰ উপৰিও বাণিজ্যিক চুক্তিৰ এক ডাঙৰ আপডেট প্ৰদান কৰি কয় যে, ট্ৰাম্পৰ সৈতে আলোচনা কৰি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো কাৰ্য বন্ধ কৰি দিছে।
দুয়োখন দেশৰ মাজত আলোচনা ভালদৰে আগবাঢ়িছে। আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্যিক চুক্তি শীঘ্ৰে চূড়ান্ত হ’ব পাৰে বুলি বাণিজ্যিক চুক্তি সন্দৰ্ভত হোৱাইট হাউছে উল্লেখ কৰে।
সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ড’নাল্ড ট্ৰাম্পে কয় যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো প্ৰায় বন্ধ কৰি দিছে। প্ৰধানমন্ত্ৰী মোদী তেওঁৰ অতি ভাল বন্ধু। প্ৰধানমন্ত্ৰী মোডী এজন মহান নেতা। ট্ৰাম্পক পূৰ্বে ভাৰতৰ প্ৰতি যথেষ্ট কঠোৰ যেন দেখা গৈছিল যদিও এতিয়া তেওঁৰ মনোভাৱ কোমল হৈছে। গুৰুত্বপূৰ্ণ কথাটো এই যে, ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰিব বুলিও স্পষ্ট কৰি দিছে।











