ভিয়েটনাম আৰু ফিলিপাইনছত কালমেগীয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। ভিয়েটনামত কমেও ৫জন লোকৰ প্ৰাণহানি হৈছে আৰু আৱাসিক অঞ্চলসমূহৰ যথেষ্ট ক্ষতিসাধন হৈছে।
মাত্ৰ কিছুদিন পূৰ্বে ফিলিপাইনছতো এই ধুমুহাই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। ফিলিপাইনছত ধুমুহাৰ ফলত ১৮৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩৫ জন নিৰুদ্দেশ হৈছে।
খবৰ অনুসৰি, ভিয়েটনামৰ ডাক লাক আৰু গিয়া লাই প্ৰদেশত আমফান কালমেগীত সৰ্বাধিক লোকৰ মৃত্যু হৈছে। ডাক লাকত তিনিজন আৰু গিয়া লাইত দুজন লোক নিহত। কোৱাংঙাইত নিৰুদ্দেশ হৈছে তিনিজন লোক। ধুমুহাত ক্ষতিগ্ৰস্ত ৫২টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে আন প্ৰায় ২৬০০টা ঘৰ যথেষ্ট ক্ষতিগ্ৰস্ত হয়।
ইয়াৰে ২৪০০ৰো অধিক ঘৰ গিয়া লাইত। ধুমুহাৰ ফলত বিদ্যুৎ যোগানতো প্ৰভাৱ পৰিছে। বিদ্যুৎ যোগানৰ ব্যাঘাতৰ ফলত ১৬ লাখৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।











