শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহিলে আদালতে। ইণ্টাৰনেশনেল ক্ৰাইম ট্ৰিবিউনেলে দোষী সাব্যস্ত কৰিলে শ্বেখ হাছিনাক।বাংলাদেশৰ গণবিদ্ৰোহৰ সময়ত গুলীয়াবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ। লগতে প্ৰতিবাদকাৰীৰ ঘৰত বোমা পেলাবলৈ নিৰ্দেশ দিছিল শ্বেখ হাছিনাই।
বাংলাদেশৰ আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক নিৰস্ত্ৰ সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনাকে ধৰি মানৱতাৰ বিৰুদ্ধে অপৰাধৰ দোষী সাব্যস্ত কৰিছে। আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। আদালতে ৰায় দিয়ে যে, শ্বেখ হাছিনাই প্ৰতিবাদকাৰীক দমন আৰু হত্যাৰ বাবে মাৰাত্মক অস্ত্ৰ আৰু ড্ৰ’ন ব্যৱহাৰৰ নিৰ্দেশ দিছিল। এই গুৰুতৰ অপৰাধৰ বাবেই তাইক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। আদালতে ৰায়দানত উল্লেখ কৰিছে যে শ্বেখ হাছিনা আৰু তেওঁৰ সহযোগীসকলৰ নিৰ্দেশত মানৱতাৰ বিৰুদ্ধে এই অপৰাধ সংঘটিত হৈছে।











