১৭ নৱেম্বৰৰ সন্ধিয়া গুজৰাটৰ আৰাৱল্লী জিলাত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। মোদাছাৰ ৰানাছায়েদ ছেক্সনৰ সমীপত হঠাতে এখন চলন্ত এম্বুলেন্সত অগ্নিকাণ্ড সংঘটিত হয়। এম্বুলেঞ্চথনত থকা ডাক্টৰ, নাৰ্ছ আদিৰ লগতে এটি নৱজাত শিশু আৰু শিশুটিৰ পিতৃ অগ্নিদগ্ধ হয়।
উক্ত ঘটনাৰ সময়ত আহমেদাবাদৰ অৰেঞ্জ হাস্পতালৰ এম্বুলেন্সখনে এদিনীয়া নৱজাতক শিশু এটিক প্ৰসৱৰ পিছত উন্নত চিকিৎসাৰ বাবে আহমেদাবাদলৈ লৈ গৈ আছিল। মোদাছাৰ মাজেৰে পাৰ হৈ গৈ থকা এম্বুলেন্সখন হঠাতে গাড়ীখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। চালকজন আৰু সন্মুখৰ চিটত বহি থকা কেঁচুৱাটোৰ এজন আত্মীয়ই কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয় যদিও পিছফালৰ অংশটো জুইৰ শিখাই আগুৰি ধৰাৰ ফলত বাকী থকাসকল নামি আহিব নোৱাৰে।
খবৰ অনুসৰি, স্থানীয় লোকে লগে লগে মোদাছা পৌৰ অগ্নিনিৰ্বাপক বাহিনীক সতৰ্ক কৰি দিয়ে। অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু যথেষ্ট প্ৰচেষ্টাৰ অন্তত অগ্নি নিয়ন্ত্ৰণ কৰে। স্থানীয় আৰক্ষীয়ে আন দুজন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰে। এই ভয়াবহ ঘটনাৰ চিচিটিভি ফুটেজও ওলাইছে, য’ত পেট্ৰ’ল পাম্পৰ সমীপত এম্বুলেন্স জ্বলি থকা দেখা গৈছে।
স্থানীয় আৰক্ষীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক অনুমান অনুসৰি এম্বুলেন্সখনৰ কাৰিকৰী দোষ বা শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সৃষ্টি হ’ব পাৰে যদিও তদন্তৰ পিছতহে এই কথা নিশ্চিত কৰা হ’ব।
মোদাছাৰ দৰে নিস্তব্ধ অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোক স্তম্ভিত কৰি তুলিছে। এম্বুলেন্সৰ দৰে জীৱন ৰক্ষাকাৰী সেৱাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে।











