অৰুণাচল প্ৰদেশৰ আঞ্জাৱ জিলাত যোৱা ৮ ডিচেম্বৰৰ নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ২২ জনকৈ শ্ৰমিক কঢ়িয়াই অনা এখন ডাঙৰ ট্ৰাক বাগৰি পৰে এটা দ দ’ খাৱৈত। আঞ্জাৱ জিলাৰ হাউলিয়াং-চাগলাগাম পথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।
এই ট্ৰাকখন প্ৰায় ১০০০ ফুট দ’ খাৱৈত ডুব যায়। খবৰ অনুসৰি, এই দুৰ্ঘটনাৰ ফলত ২১ জন লোকৰ মৃত্যু হয়। অৱশ্যে এগৰাকী ব্যক্তিক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
এই ট্ৰাকখন অৰুণাচলৰ এটা দ’ খাৱৈত পৰি যায়, কিন্তু কোনেও এই কথা গমেই পোৱা নাছিল। দুদিন পিছত যেতিয়া একমাত্ৰ জীৱিত ব্যক্তিজন সেনা শিবিৰত উপস্থিত হয়, তেতিয়াহে এই ঘটনাৰ আৱিষ্কাৰ হয়। খবৰ অনুসৰি, দুদিন ধৰি মৃতদেহৰ মাজত অচেতন হৈ আছিল ট্ৰাকখনৰে এজন লোক।
দুদিন পিছত ১১ ডিচেম্বৰত গভীৰ নিশা ট্ৰাকখনৰ সৈতে গভীৰ খাদত পৰা ২২ জনৰ ভিতৰত একমাত্ৰ জীৱিত লোকজনে ধ্বংসাৱশেষৰ পৰা ওলাই আহি ৩০০ মিটাৰ বগাই প্ৰায় ৪ কিলোমিটাৰ খোজ কাঢ়ি বি আৰ অ’ শিবিৰত উপস্থিত হয়, য’ত তেওঁ প্ৰায় ৪৮ ঘণ্টাৰ পিছত এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ দিয়ে।
বৃহস্পতিবাৰে সন্ধিয়ালৈকে উদ্ধাৰ কৰা হৈছিল নিহতসকলৰ ৯টা মৃতদেহ। আটাইকেইজন অসমৰ পৰা চীনৰ সীমান্তৱৰ্তী আঞ্জাৱ জিলাৰ এটা কৰ্মস্থলীলৈ লৈ যোৱা হৈছিল। হাউলিয়াং-চাগলাগাম পথত সংঘটিত হয় এই দুৰ্ঘটনা। আন কেইদজন শ্ৰমিকৰ সন্ধান অব্যাহত ৰাখিছে সেনাৰ দলে। ট্ৰাকখনৰ ধ্বংসাৱশেষ আৰু মৃতদেহ উদ্ধাৰৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আৰক্ষী আৰু এন ডি আৰ এফৰ লোকে কাম কৰে।













