বাংলাদেশৰ ৰাজনীতি আৰু ছাত্ৰ আন্দোলনৰ সৈতে জড়িত এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। ২০২৪ চনৰ ছাত্ৰ বিদ্ৰোহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ছাত্ৰনেতা শ্বৰীফ ওছমান হাদীৰ ১৮ ডিচেম্বৰত মৃত্যু হয়।
খবৰ অনুসৰি, তেওঁৰ মৃত্যু বাংলাদেশত শেহতীয়াভাৱে আৱামী লীগৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ সময়ত হয়। যত তেওঁক গুলীওৱা হৈছিল। এই খবৰৰ পিছতেই বাংলাদেশত শোক আৰু উত্তেজনাৰ পৰিৱেশে বিৰাজ কৰে।
ছিংগাপুৰ চৰকাৰে কয় যে, শ্বৰীফ ওছমান হাদীক ১৫ ডিচেম্বৰত জৰুৰীকালীন অৱস্থাত ছিংগাপুৰলৈ নিয়া হৈছিল। তাত তেওঁক আইচিইউত ভৰ্তি কৰোৱা হয়। কিন্তু উপযুক্ত চিকিৎসা আগবঢ়োৱাৰ পিছতো তেওঁ ছিংগাপুৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
শ্বেখ হাছিনা বিৰোধী সংগঠন ইনকিলাব মঞ্চৰ এজন বিশিষ্ট ব্যক্তি হিচাপে গণ্য কৰা হৈছিল শ্বৰীফ ওছমান হাদীক। তেওঁ ইয়াৰ মুখপাত্ৰও আছিল আৰু আগন্তুক ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনত ঢাকা-৮ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাইছিল।
২০২৪ চনৰ জুলাই মাহত তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ক্ষমতাক প্ৰত্যাহ্বান জনোৱা ছাত্ৰ বিদ্ৰোহৰ সময়ত ইনকিলাব মঞ্চৰ দৃষ্টিগোচৰ হৈছিল। বাংলাদেশৰ ৰাজনীতিত অহৰহ বিতৰ্কৰ সৃষ্টি হৈ আহিছে ইনকিলাব মঞ্চৰ প্ৰায়ে উগ্ৰ মতাদৰ্শৰ সৈতে জড়িত কৰা হৈছে। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ গঠনৰ পিছতেই এই সংগঠনটোৰ সৈতে জড়িত নেতাসকল ৰাজনৈতিক কাম-কাজত সক্ৰিয় হৈ আছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে উত্তৰ-পূৱৰ ৰাজ্য বিচ্ছিন্ন কৰি দিম বুলি ভাবুকি দিছিল। ১২ ডিচেম্বৰত ঢাকাত সংঘটিত হৈছিল এই আক্ৰমণ। পল্টন অঞ্চলৰ কালভাৰ্ট ৰোডত অট’ৰিক্সাত গৈ থকা অৱস্থাত অচিনাকি দুৰ্বৃত্তই তেওঁৰ ওপৰত গুলীচালনা কৰে। গুৰুতৰভাৱে আহত হোৱা তেওঁক লগে লগে ঢাকা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। স্থানীয় চিকিৎসালয়ত চিকিৎসাৰ পিছতো যেতিয়া তেওঁৰ অৱস্থা সংকটজনক হৈ থাকে, তেতিয়া চিকিৎসকৰ পৰামৰ্শমতে তেওঁক বিমানযোগে ছিংগাপুৰলৈ লৈ যোৱা হয়। কেইবাদিনো তেওঁ নিজৰ জীৱনৰ বাবে যুঁজিছিল।
ইফালে ওছমান হাদীৰ মৃত্যুৰ পিছতে হিংসাত দুগুণে জ্বলিছে বাংলাদেশ। মছজিদত দুৰ্বৃত্তক কঠোৰ শাস্তি দিয়াৰ সংকল্প লৈছে ইনকিলাব মঞ্চৰ নেতা-কৰ্মীসকলে। ভাৰতৰ বিৰুদ্ধে শ্লোগান দিছে বাংলাদেশীয়ে।










