কম্বোডিয়াত থাইলেণ্ডৰ সেনাই হিন্দু দেৱতাৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ বাতৰি পোৱা গৈছে। ২৪ ডিচেম্বৰত এই ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিয়ে। নতুন দিল্লীয়ে উল্লেখ কৰে যে এনে অপমানজনক কাৰ্য্যই বিশ্বজুৰি হিন্দু ভক্তৰ আৱেগক আঘাত কৰে আৰু সেয়া অতি নিন্দনীয়।
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই সন্দৰ্ভত কয় যে, শেহতীয়াকৈ হিন্দু দেৱতাৰ মূৰ্তি ভাঙি পেলোৱাৰ খবৰ পোৱা গৈছে, যিটো থাইলেণ্ড-কম্বোডিয়া সীমান্ত বিবাদৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলত অৱস্থিত। তেওঁ আৰু কয় যে এই অঞ্চলৰ মানুহে হিন্দু আৰু বৌদ্ধ দেৱতাক গভীৰভাৱে সন্মান আৰু পূজা কৰে। তেওঁলোকৰ ওপৰত অটল বিশ্বাস আছে।
ভাৰতে দুয়োখন দেশক (থাইলেণ্ড আৰু কম্বোডিয়া) শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি ৰোধ কৰিবলৈ আলোচনা আৰু কূটনীতিৰ আশ্ৰয় ল’বলৈ আহ্বান জনায়। জুলাই মাহৰ পৰা দুয়োখন দেশৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হস্তক্ষৰতাত যুদ্ধবিৰতিৰ পিছতো চলিত মাহত পুনৰ যুদ্ধ আৰম্ভ হৈছিল। বেকহ’ লোডাৰ ব্যৱহাৰ কৰি ভগৱান বিষ্ণুৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ কেইবাটাও ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।
এক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি প্ৰেহ ভিহেয়াৰৰ মুখপাত্ৰ লিম চানপানহাই কয় যে এই মূৰ্তিটো কম্বোডিয়াৰ ভূখণ্ডৰ আন ছাছ অঞ্চলত অৱস্থিত। চানপানহাই কয় যে ২০১৪ চনত নিৰ্মিত বিষ্ণু প্ৰতিমূৰ্তিটো ২২ ডিচেম্বৰত থাইলেণ্ডৰ সীমান্তৰ পৰা প্ৰায় ১০০ মিটাৰ (৩২৮ ফুট) দূৰত্বত ভাঙি পেলোৱা হৈছিল। চানপানহাই কয় যে বৌদ্ধ আৰু হিন্দু অনুগামীসকলে শ্ৰদ্ধা কৰা প্ৰাচীন মন্দিৰ আৰু মূৰ্তি ভাঙি পেলোৱাৰ কামক তেওঁলোকে গৰিহণা দিয়ে।










