কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত ২৫ ডিচেম্বৰৰ পুৱাৰ ভাগত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ১২ জনতকৈ অধিক লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। হিৰিয়ুৰ তালুকৰ গোৰ্লাট্টু অঞ্চলত এখন ব্যক্তিগত শ্লিপাৰ বাছ আৰু এখন ট্ৰাকৰ হিংস্ৰ সংঘৰ্ষৰ ফলত দুয়োখন বাহনতে জুই লাগি ভিতৰত যাত্ৰীসকল আৱদ্ধ হৈ পৰে।
আৰক্ষীৰ মতে, পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা। বেংগালুৰুৰ পৰা গোকৰ্ণা অভিমুখে গৈ থকা ব্যক্তিগত শ্লীপাৰ বাছখনক সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকে খুন্দা মাৰে। দুৰ্ঘটনাত ট্ৰাকখনৰ কিছু অংশ জ্বলি যোৱাৰ লগতে চালকজনৰ থিতাতে মৃত্যু হয়। গাড়ীখনত চালক আৰু কণ্ডাক্টৰকে ধৰি মুঠ ৩২জন লোক আছিল।
সংঘৰ্ষৰ পিছত অগ্নি দ্ৰুত গতিত বিয়পি পৰাৰ বাবে বহু যাত্ৰী বাছখনৰ ভিতৰত আৱদ্ধ হৈ পৰাৰ ফলত পলায়ন কৰিব নোৱাৰে।যাৰ ফলত তেওঁলোকৰ থিতাতে মৰ্মান্তিক মৃত্যু হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ডি এছ পি শিৱকুমাৰে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰে। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
আহত যাত্ৰীসকলক প্ৰথমে চিত্ৰদুৰ্গা জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে দুজন গুৰুতৰভাৱে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। প্ৰাৰম্ভিক তদন্তত দ্ৰুতবেগী বা গাফিলতিৰ কথা কোৱা হৈছে যদিও তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে আনুষ্ঠানিক নিশ্চিতকৰণ কৰা হ’ব।
কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। মৃতকৰ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব ঘোষণা কৰা হয়।










