No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা।ৰাজ্যজুৰি চলিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ প্ৰস্তুতি। বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱীক আদৰিবলৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে। বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ। প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পক্ষ পঞ্চমী তিথিত বসন্ত পঞ্চমী পালন কৰা হয়, আৰু এই দিনটোতে দেশৰ বিভিন্ন প্ৰান্তত আৰাধনা কৰা হয় মা সৰস্বতীক। মান্যতা অনুসৰি, এই দিনটোত জ্ঞান, সংগীত আৰু শিল্পৰ দেৱী সৰস্বতীক পূজা কৰাৰ ফলত শিক্ষাৰ্থীৰ মনৰ কামনা পূৰণ হয়। মা সৰস্বতীয়ে আশীৰ্বাদ দিয়ে।ইতিমধ্যে ইয়াকে লৈ পুৱাৰ পৰা বিদ্যালয়, মহাবিদ্যালয়সমূহত দেখা গৈছে উখল মাখল পৰিবেশ।
- ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী যোদ্ধা সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী। তেওঁক সকলোৱে নেতাজী বুলি জানে। প্ৰতি বছৰে ২৩ জানুৱাৰীত সুভাষ চন্দ্ৰ বসুক সন্মান জনাই তেওঁৰ জন্মজয়ন্তী নেতাজী দিৱস হিচাপে উদযাপন কৰা হয়। ২০২১ চনৰ জানুৱাৰীত এই দিৱস ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰা হ’ব চৰকাৰে ঘোষণা কৰে। এই দিৱসৰ উদ্দেশ্য হৈছে দেশৰ নাগৰিকসকলৰ মাজত দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰা, যুৱসকলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া, আৰু নেতাজীৰ দৰে প্ৰতিকূল পৰিস্থিতিৰ মাজত একে সাহসিকতা আৰু ধৈৰ্যৰে কাম কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰা। ‘পৰাক্ৰম দিৱস’ৰ অৰ্থ হৈছে ‘বীৰত্বৰ দিন’ বা ‘সাহসৰ দিন’। ২০২১ চনৰ ২৩ জানুৱাৰীত সমগ্ৰ ভাৰতত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে প্ৰথমবাৰৰ বাবে ‘পৰাক্ৰম দিৱস’ পালন কৰা হৈছিল।
- দেশৰ গণৰজ্য দিৱসৰ প্ৰস্তুতিৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত হৈছে এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা। ডোডাত আজি সেনা কঢ়িয়াই নিয়া এখন বাহন দ’ খাৱৈত বাগৰি পৰাৰ ফলত ১০ গৰাকীকৈ জোৱানে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাত লগতে আন ১০ জন জোৱান গুৰুতৰভাৱে আহত হয়। সেনাৰ বাহনখন ডোডাৰ ভদ্ৰৱাহ-চম্বা পথেৰে গৈ থকাৰ সময়তে এই শোকাৱহ ঘটনা ঘটে। জোৱানসকলক লৈ বাহনখন এটা ওখ পাহাৰীয়া পোষ্টৰ অভিমুখে গৈ থকাৰ সময়তে হঠাত চালকে নিয়ন্ত্ৰণ হেৰুৱায় আৰু বাহনখন প্ৰায় ২০০ ফুট গভীৰ খাৱৈত বাগৰি পৰে। আহত জোৱানজনক দুৰ্ঘটনাস্থলীৰ পৰা উলিয়াই চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়।
- উদুলি মুদুলি জোনবিলৰ বাকৰি৷ জাগীৰোডৰ জোনবিল মেলাত প্ৰাণ পাই উঠিল বিনিময় প্ৰথা। জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজা জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন৷ কাহিলী পুৱাতে আৰম্ভ হয় বিনিময় প্ৰথা৷ কিছু সময়ৰ বাবে স্থবিৰ হৈ পৰে মুদ্ৰাৰ প্ৰচলন৷ পাহাৰৰ পৰা নামী অহা মামা-মামী সকলৰ লগত ভৈয়ামৰ লোকসকলে বিনিময় কৰিবলৈ আৰম্ভ কৰে বিভিন্ন সামগ্ৰী৷ পাহাৰৰ মামা-মামীসকলে নিজৰ উৎপাদিত কচু, আদা, হালধি, লাউ, কোমোৰা আদিৰ লগত ভৈয়ামৰ লোকৰ সৈতে চিৰা , পিঠা , সান্দহ সলনা সলনি কৰা পৰিলক্ষিত হয়৷
No Result
View All Result