ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৮২৩- চিলিত দাস প্ৰথা বিলুপ্ত কৰা হয়।
১৯২৩- গ্ৰীচ, বুলগেৰিয়া আৰু প্ৰথম বিশ্বযুদ্ধৰ লগত জড়িত অন্যান্য দেশৰ মাজত চুইজাৰলেণ্ডত স্বাক্ষৰিত এই ল’জানৰ সন্ধিয়ে আধুনিক তুৰস্কৰ সীমা নিৰ্ধাৰণ কৰিছিল।
১৯৩২- ৰামকৃষ্ণ মিছন চাৰ্ভিচ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা হয়।
১৯৩৮- ইনষ্টেণ্ট কফিৰ আৱিষ্কাৰ হয়।
১৯৬৯- এপ’ল’ ১১ মহাকাশযান পৃথিৱীলৈ ঘূৰি আহে।
১৯৭৪- আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে তেতিয়াৰ ৰাষ্ট্ৰপতি নিক্সনক ৱাটাৰগেট কেলেংকাৰীৰ সৈতে জড়িত সকলো টেপ তদন্তকাৰী সংস্থাক গতাই দিবলৈ নিৰ্দেশ দিয়ে।
১৯৯৯- ব্ৰিটেইনৰ লিভাৰপুলত প্ৰথম ইউনিভাৰ্চেল উইমেন এছেম্বলী অনুষ্ঠিত হয়। আমেৰিকাৰ মহাকাশযান কলম্বিয়া সফলতাৰে উৎক্ষেপণ কৰা হয়।
২০০০- এছ বিজয়লক্ষ্মী প্ৰথম মহিলা দবা গ্ৰেণ্ডমাষ্টাৰ হয়।
২০০২- ইউৰোপীয় সংঘই ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিলৈ অতিৰিক্ত ৩২ মিলিয়ন ইউৰো বৰঙণি আগবঢ়োৱাৰ সিদ্ধান্ত লয়।
২০০৪ – ইটালীয়ে ভাৰতীয় পৰ্যটকৰ বাবে ৭টা ভিছা কল চেণ্টাৰ খোলাৰ সিদ্ধান্ত লয়।
২০০৫- উত্তৰ আৰু দক্ষিণ কোৰিয়াই কোৰিয়া উপদ্বীপক পাৰমাণৱিক অস্ত্ৰমুক্ত কৰাৰ বাবে একমতত উপনীত হয়।
২০০৬- পুয়েৰ্টো ৰিকান সুন্দৰী জুলেখা ৰিভেৰা মেণ্ডোজা ২০০৬ চনৰ মিছ ইউনিভাৰ্ছ নিৰ্বাচিত হয়।
২০০৮- ফ্ৰান্সৰ ট্ৰাইকাষ্টিন পাৰমাণৱিক প্লাণ্টত লিক হোৱাৰ ফলত প্ৰায় ১০০ জন লোক ক্ষতিগ্ৰস্ত হয়।










