আমেৰিকাত বৰফৰ ধুমুহাৰ ফলত প্ৰায় ১০ হাজাৰ বিমান বাতিল কৰা হয়। এই ধুমুহাই দেশখনৰ বহু অংশত ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰাৰ লগতে কেইবাদিনো ধৰি বৃহৎ পথসমূহত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে যাতায়তত ব্যাঘাত জন্মাব বুলি আশংকা কৰা হৈছে।
ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাস অনুসৰি, নিউ মেক্সিকোৰ পৰা নিউ ইংলেণ্ডলৈকে প্ৰায় ১৪ কোটি লোক শীতকালীন ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। ইষ্ট টেক্সাছৰ পৰা উত্তৰ কেৰ’লিনালৈকে বিস্তৃত অঞ্চলসমূহৰ বাবে প্ৰচণ্ড বৰফ পৰাৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বতৰ বিশেষজ্ঞসকলে কয় যে, বিশেষকৈ বৰফ পৰা অঞ্চলত এই ক্ষতি হাৰিকেনৰ সৈতে তুলনা কৰিব পাৰি।
ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰে যে, দেশখনত আগন্তুক কেইদিনমানৰ বাবে ৰাতিটোৰ উষ্ণতা বেছিভাগেই একক সংখ্যাত থাকিব, বতাহৰ শীতল মাইনাছ ২৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব। ওকলাহোমাত বৰফ আৰু তুষাৰপাত অব্যাহত আছে। বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে যে, দক্ষিণ দিশৰ মাজেৰে পাৰ হোৱাৰ পিছত ধুমুহা উত্তৰ-পূব দিশলৈ গতি কৰি ৱাশ্বিংটনৰ পৰা নিউয়ৰ্ক আৰু বষ্টনলৈ এক ফুট বা ৩০ চেণ্টিমিটাৰ পৰ্যন্ত বৰফ পৰাৰ সম্ভাৱনা আছে। ইয়াত প্ৰকাশ পাইছে যে কেইবাদিনো প্ৰচণ্ড বৰফ পৰাৰ পিছত নিউয়ৰ্কৰ গ্ৰাম্য লুইছ কাউন্টি আৰু অন্যান্য উত্তৰ অংশত ভোৰ হোৱাৰ ঠিক আগতেই তাপমাত্ৰা মাইনাছ ৩৪ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে।
আমেৰিকাৰ ১৫ খনৰো অধিক ৰাজ্যৰ গৱৰ্ণৰসকলে সতৰ্কবাণী জাৰি কৰিছে, জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে বা আগন্তুক ধুমুহা বতৰৰ বাবে নিজ গৃহতে থাকিবলৈ আহ্বান জনাইছে। এক তথ্য অনুসৰি, ২৪ জানুৱাৰীত ৩৮০০ৰো অধিক বিমান পলম বা বাতিল কৰা হয়। একেদৰে ২৫ জানুৱাৰীৰ বাবে প্ৰায় ৭ হাজাৰ বিমান বাতিল কৰা হৈছে। আমেৰিকাৰ ফেডাৰেল চৰকাৰে সম্ভাৱ্য জৰুৰীকালীন অৱস্থাৰ বাবে প্ৰায় ৩০টা অনুসন্ধান আৰু উদ্ধাৰকাৰী দলক ষ্টেণ্ডবাইত ৰাখিছে।
ফেডাৰেল ইমাৰ্জেন্সি মেনেজমেণ্ট এজেন্সীৰ মতে, ধুমুহাৰ সম্ভাৱ্য অঞ্চললৈ বিষয়াসকলে ৭০ লাখতকৈ অধিক খাদ্য, ৬ লাখ কম্বল, আৰু ৩০০ জেনেৰেটৰ যোগান ধৰিছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, তেওঁৰ প্ৰশাসনে এই পৰিস্থিতিৰ সমাধানৰ বাবে ৰাজ্যিক আৰু স্থানীয় বিষয়াসকলৰ সৈতে যোগাযোগত আছে।










